গুৱাহাটী ৰে’ল ষ্টেচনত হেৰ'ইনসহ আটক মহিলা

heroin

নিউজ ডেস্ক:

গুৱাহাটী ৰে’ল ষ্টেচনত নিষিদ্ধ হেৰ'ইনসহ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰা হয়। প্ৰাপ্ত খবৰ অনুসৰি পুৱা ৭ বজাত গুৱাহাটীৰ ৰে’লৱে আৰক্ষীয়ে ১২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছৰ ১০ নম্বৰ ডবাৰ পৰা ১৫০ গ্রাম নিচাযুক্ত হেৰ'ইনসহ আটক কৰে পশ্চিমবঙ্গৰ মহিলা গৰাকীক। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি হেৰ'ইনখিনি দিল্লীলৈ সৰবৰাহ কৰাৰ বাবে এটা ব্ৰীফ কেছত ২২টা চাবোনৰ বাকচত ভৰাই আনিছিল। জব্দ হোৱা নিচাযুক্ত হেৰ'ইনখিনিৰ মূল্য ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ৩০ লাখ টকা। ৰে’ল আৰক্ষীয়ে আটক কৰা মহিলা গৰাকীৰ নাম আৱিত্ৰী কৰ্মকাৰ। পিতৃ গোবিন্দ কৰ্মকাৰ। ঘৰ পশ্চিমবঙ্গৰ নদীয়া জিলাৰ বিৰহিত।

Your Comments