দলৰ কথা ফেচবুকত ৰাজহুৱা কৰি নিলম্বিত হ'ল কংগ্ৰেছ নেতা দুলু আহমেদ

dulu

নিউজ ডেস্ক:

দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দুলু আহমেদক দলৰ পৰা নিলম্বিত কৰা হৈছে। উল্লেখ্য যে কেইদিনমান পূৰ্বে সাধাৰণ সম্পাদকজনে সামাজিক মাধ্যমত দলৰ বিৰুদ্ধে কিছু মন্তব্য প্ৰকাশ কৰিছিল। ইয়াৰ উপৰি আহমেদে দলটোৰ এজন প্ৰভাৱশালী নেতা তথা বৰ্তমানৰ চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী হৈ থাকোতে গঁড় হত্যা কৰিছিল বুলি সামাজিক মাধ্যমত মুকলিকৈ প্ৰকাশ কৰিছিল। তাৰ পাছতে কংগ্ৰেছৰ ভিতৰ চ’ৰাত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া।

ইফালে সম্পাদক দুলু আহমেদৰ এনে বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্রেছে সম্পাদক গৰাকীলৈ জাৰি কৰিছিল শ্ব'কজ। সেই অনুসৰি ২৯ জুলাইৰ ভিতৰত সাধাৰণ সম্পাদকগৰাকীক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছিল। তাৰ পাছতে মংগলবাৰে কংগ্ৰেছ নেতাগৰাকীক নিলম্বিত কৰে দলৰ পৰা ।

Your Comments