আইন ভংগ কৰি গুৱাহাটীৰ শিক্ষানুষ্ঠানৰ কাষত বিক্ৰী হয় ধঁপাত

dhapat

নিউজ ডেস্ক :
গুৱাহাটী মহানগৰীৰ প্ৰায় সকলোবোৰ শিক্ষানুষ্ঠানৰ ওচৰত 'দা চিগাৰেট এণ্ড আডাৰ টবাকো প্ৰডাক্টছ এক্ট'- ২০০৩ উলংঘা কৰি ব্যৱসায়ী সকলে ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰাৰ ভয়াবহ তথ্য পোহৰলৈ আহিছে। কনজিউমাৰছ লিগল প্ৰটেকশ্বন ফ'ৰামৰ তত্বাৱধানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ  ৯ জনীয়া শিক্ষাৰ্থীৰ এটা দলে গুৱাহাটী মহানগৰীত চলোৱা মাহজোৰা এটা সমীক্ষাত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে শিক্ষাৰ্থী দলটোৱে জানিবলৈ দিয়া অনুসৰি মহানগৰীৰ ৩৬টা ৱাৰ্ডৰ ২৩৩ খন শিক্ষানুষ্ঠানক সামৰি এই ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাইছিল গোটটোৱে।

তেওঁলোকে মূলত শিক্ষানুষ্ঠানসমূহৰ ১০০ মিটাৰ ‌ব্যাসৰ্দ্ধত ধঁপাতযুক্ত সামগ্ৰীৰ 'বিক্ৰী আৰু বিজ্ঞাপন' সন্দৰ্ভত অধ্যয়ন চলাইছিল। গোটটোৰ তথ্য অনুসৰি গুৱাহাটীৰ প্ৰায় সকলোবোৰ শিক্ষানুষ্ঠানৰে ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত  ধঁপাত আৰু ধপাত জাতীয় সামগ্ৰী বিক্ৰী হৈ আছে। ইয়াৰে ৪৫.৪০% দোকানীয়ে ধঁপাতৰ লগত মৰ্টন- চকলেট আৰু চিপছ বিক্ৰী কৰে।  একেদৰে শিক্ষানুষ্ঠানৰ ওচৰত থকা ৪৮.৯৩ % দোকানতে ধঁপাত আৰু ধঁপাতযুক্ত সামগ্ৰীৰ বিজ্ঞাপন আছে। 

ইয়াৰ উপৰিও অধ্যয়নত প্ৰকাশ পোৱা  তথ্য মতে শিক্ষানুষ্ঠানৰ ওচৰত থকা ৫৬.৮০% দোকানত মুকলি ভাৱে গ্ৰাহকক আকৰ্ষণ কৰিব পৰাকৈ ধঁপাতযুক্ত সামগ্ৰী ৰাখি থোৱা হয়।গুৰুত্বপূৰ্ণ কথা এই যে সমীক্ষা চলোৱা দলটোৱে জানিবলৈ দিয়া অনুসৰি শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যাসাৰ্ধত বিক্ৰী কৰা ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ মুল গ্ৰাহক হল ছাত্ৰ-ছাত্ৰী। ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰিয়ে এই সমূহ বিক্ৰী কৰা হয়। উল্লেখযোগ্য যে ২০০৩ চনৰ ধঁপাত সম্পৰ্কীয় আইন মতে শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত কোনো ধৰণৰ ধপাঁত জাতীয় সামগ্ৰী বিক্ৰী আৰু সামগ্ৰী সমূহৰ বিজ্ঞাপনো দিব নোৱাৰে।যদি কোনো লোকে এই নিয়ম ভংগ কৰে তেন্তে তেনে লোকক আইনমতে দণ্ডনীয় কৰি ২-৫ বছৰ পৰ্যন্ত কাৰদণ্ডৰ লগতে ১০০০ ৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে।কিন্তু এই সকলোবিলাক গুৰুত্বহীন কৰি এতিয়া প্ৰশাসনৰ সন্মুখতে মুকলিকৈ বিক্ৰী হয় ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই অধ্যয়নকাৰী দলটোত আছিল চন্দ্ৰজ্যোতি মিশ্ৰ, মণিকৰ্ণিকা দত্ত, প্ৰিয়ংকা চেতিয়া, প্ৰিয়াংকি গগৈ, ৰানীশ্ৰী মৰাণ, ৰিকি বৰা, চাৰকিৰি ৰংপি, চিমৰণ সাহা আৰু স্বৰ্ণমিকা চৌধুৰী।

Your Comments