নিউজ ডেস্ক :
ৰাজ্যকঁপাই যোৱা গুৱাহাটীৰ কমাৰ্চ কলেজৰ মেধাৱী ছাত্ৰী শ্বেটা আগৰৱালা হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায়দান।কামৰূপ জিলা সত্ৰ ন্যাধীশৰ আদালত হ'ব এই ৰায়দান।
উল্লেখ্য যে ২০১৭ চনৰ ৪ডিচেম্বৰত মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক বন্ধু(!) গোবিন্দ ছিংঘালে ভৰলুমুখৰ ঘৰত হত্যা কৰিছিল। তাৰ পাছত গোবিন্দ সিংঘালৰ ঘৰৰ বাৰ্থৰূমতে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল মেধাৱী ছাত্ৰী শ্বেটাৰ নিথৰ দেহ।
ইফালে সমগ্ৰ ঘটনাটোৰ তদন্তকাৰী ভৰলুমুখ আৰক্ষীয়ে মূল অভিযুক্ত গোবিন্দ সিংঘালক গ্ৰেপ্তাৰ কৰি জেৰা কৰাত তেওঁৱেই যে মেধাৱী ছাত্ৰী গৰাকীক হত্যা কৰিছিল সেই কথা স্বীকাৰ কৰিছিল।লগতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল যে গোবিন্দই মেধাৱী ছাত্ৰী গৰাকীক হত্যা কৰাৰ সময়ত তেওঁক হত্যাকাণ্ডটোত সহায় কৰিছিল মাক আৰু বায়েকেও। ফলত তদন্তকাৰী আৰক্ষীয়ে মাক আৰু বায়েকৰ নামো অভিযোগনামত সন্নিবিষ্ট কৰিছিল।আৰক্ষীৰ অভিযোগনামাত সন্নিবিষ্ট নাম কেইটা ক্ৰমে মূলঅভিযুক্ত গোবিন্দ সিংঘাল(২১), মাতৃ কমলা দেবী(৪৮) আৰু বায়েক ভৱানী সিংঘাল(২৩) বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ২০১৭চনৰ উক্ত দিনটোত বাণিজ্যক শাখা সান্মাষিকৰ পৰীক্ষা দি বাহিৰে বাহিৰে বন্ধু গোবিন্দৰ ঘৰলৈ যোৱা মেধাৱী শ্বেতাই ২০১৫ বর্ষত গুৱাহাটীৰ কমাৰ্চ কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বর্ষত বাণিজ্যিক শাখাত অসমৰ ভিতৰতে প্ৰথম স্থানত উত্তীৰ্ণ হৈছিল।
এতিয়া মেধাৱী ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে অপেক্ষা কৰিছে যাতে দোষীয়ে চূড়ান্ত শাস্তি লাভ কৰে।
- Log in to post comments
- 19 views