নিউজ ডেস্ক :
জি এম চিৰ পেক্ষাগৃহত যোৱা ২৭জুলাই তাৰিখে এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আহি বামুণ সমাজক লৈ জুবিন গাৰ্গে কৰা বিতৰ্কিত মন্তব্যৰ পাছতেই সৃষ্টি হৈছিল তীব্র প্ৰতিক্ৰিয়াৰ।বিভিন্ন থানাত শিল্পী জনৰ বিৰুদ্ধে বিভিন্ন লোকে ৰুজু কৰিছিল গোচৰ।মহানগৰীৰ ভঙাগড় আৰক্ষীৰ থানাতো নৱ প্ৰজন্মৰ হাৰ্টথ গৰাকীৰ বিৰুদ্ধে আজি এক গোচৰ ৰুজু কৰা হৈছিল।সেই গোচৰৰ বাবে সোমবাৰে নিশা ৯বজাত জুবিন গাৰ্গ উপস্থিত হৈছিল ভঙাগড় আৰক্ষীৰ থানাত। তাৰ পাছতেই সমগ্ৰ বিষয়টোক লৈ জুবিনে প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া।
সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ বিষয়টোত ক্ষমা বিচাৰি জুবিনৰ মন্তব্য "বামুণ সমাজৰ ওচৰত ক্ষমা বিচাৰিছোঁ।ইচ্ছাকৃত ভাৱে মই এই বাক্য কোৱা নাছিলোঁ।মই কব বিচাৰিছিলোঁ উচ্চ আৰু নীচৰ যি ভেদাভেদ আছে মই তাকহে বিৰোধিতা কৰিছোঁ"। জুবিনে লগতে কয় মই নিজেও এজন বামুণৰ লৰা কিন্তু মই বামুন হৈ থকা নাই মই এজন মানুহ হৈ থাকো। কাৰ্বি,মিছিং,বড়ো মই সকলোৰে লগতে থাকোঁ।ব্ৰাহ্মণ সকলে নিজৰ দায়িত্ব তেওঁলোকে কৰিছে কৰক মোৰ তাত কব লগা একো নাই।
ইফালে সেইদিনা অনুষ্ঠানটো এটা ঘৰুৱা অনুষ্ঠান আছিল।তাত ধেমালি কৰি থাকোতে ব্ৰাহ্মণ শব্দটো ভুলতে ওলাই যোৱা বুলিও স্বীকাৰ কৰে নৱ প্ৰজন্মৰ হাৰ্টথব গৰাকীয়ে।
ইফালে সামাজিক মাধ্যমত শিল্পী গৰাকীয়ে কৰা মন্তব্যক লৈ সমালোচনা চলি থকা প্ৰশংগত জুবিনে কয় "ভাল কাম কৰিলে প্ৰশংসা কৰিব আৰু বেয়াকাম কৰিলে গালি পৰিব। মই ভুল কৰিছো সেই বাবে মোক এতিয়া গালি পাৰিছে।মই গালি শুনিছোঁ, তাতকৈ আন একো নাই"।
ৰাইজক সহায় কৰাৰ প্ৰসঙ্গ উথাপন কৰি তেওঁ কয় "মই ৰাইজক কিমান সহায় কৰিছোঁ ৰাইজে দেখিছে।মোৰ ঘৰখন এতিয়া সহায় কৰা ঘৰ বুলিয়ে জানে।বিভিন্ন সময়ত গাওঁৰ মানুহ সহায় বিচাৰি মোৰ ঘৰলৈ আহে।পাৰো মানে মই সেই সকলক সহায় কৰো"।
তেওঁ কেনেধৰণৰ সমাজ বিচাৰে সেই সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "মই তেনেকুৱা এখন সমাজ বিচাৰো য'ত উচ্চ শ্রেণী আৰু নিম্ন শ্ৰেণীৰ ভেদাভেদ নাথাকে।সকলো মানুহেই য'ত নিজৰ অধিকাৰ মতে প্ৰাপ্য পায় আৰু সুন্দৰ অসমীয়া হৈ জীয়াই থাকিব পাৰে"।
ইফালে শিল্পী জনৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ ৰুজু কৰাৰ প্ৰশংগত জুবিনে কয় "গোচৰ নিদি মোৰ লগত কথা পাতিবও পাৰিলে হয়। গোচৰ তৰিলে বস্তুবোৰ সদায় দীঘলীয়া হৈ গৈ থাকে।মই মোৰ দায়িত্ব পালন কৰি আজি থানালৈ আহিছোঁ।থানাত মোৰ ষ্টেটমেন দিছোঁ"।
সুৰা সেৱন কৰাৰ প্ৰশংগত জুবিনে কয় "বেছিভাগ গায়কে সুৰাপান কৰে।কিন্তু কেতিয়াবা বেছি হয় আৰু কেতিয়াবা কম হয়।মই যিমান পাৰোঁ যোৱা তিনিটা বছৰ সুৰা নিয়ন্ত্ৰণ কৰিবলৈ কৰিবলৈ চেষ্টা কৰিছোঁ"। আনহাতে নিজৰ দায়িত্বৰ কথা স্বীকাৰ কৰি জুবিনে কয় মই জানো মোৰ দায়িত্ব বহুত আছে।নৱ প্ৰজন্মৰ বেছিভাগে মোৰ লগত আছে আৰু বহুতে মোৰ লগত কাম কৰিছে।
মই সৰুৰে পৰা উচ্চ শ্রেণী আৰু নিম্নশ্রেণীৰ এই ভেদাভেদ ব্যবস্থাতো দেখি আহিছো।সেই ব্যৱস্থাতোকহে মই নাইকিয়া কৰিব বিচাৰিছোঁ।
- Log in to post comments
- 90 views