হিমা দাসৰ নামেৰে বাঘিনীৰ নামাকৰণ

hima

নিউজ ডেস্ক:

বিশ্ব ব্যাঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে বেংগালুৰুৰ বানেৰঘাটা বন্যপ্ৰাণী উদ্যানত ছয়মহীয়া বাঘিনীৰ নাম ৰখা হ'ল অসম কন্যা তথা দৌৰৰাণী হিমা দাসৰ নামেৰে।অসম কন্যাগৰাকীৰ নামেৰে নামাকৰণ কৰাৰ পিছত বাঘিনীজনীক দর্শনৰ বাবে চাফাৰী এলেকাত এৰি দিয়া হয়।উল্লেখ্য যে বন্যপ্ৰাণী উদ্যানখনত দেওবাৰে 'হিমা'ৰ লগতে অন্য তিনিটা বাঘৰ পোৱালি দর্শনাথীৰ বাবে মুকলি কৰি দিয়া হয়।
বন্যপ্ৰাণী উদ্যানখনত এইবাৰেই তাৰকা খেলুৱৈৰ নামেৰে বাঘৰ নাম ৰখা হৈছে তেনে নহয়।ইয়াৰ পূৰ্বতেও বন্যপ্ৰাণী উদ্যানখনত ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী আৰু ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিতালী ৰাজৰ নামেৰে বাঘৰ নাম ৰখা হৈছিল।
উল্লেখ্য যে দেওবাৰে উদ্যানখনৰ চাফাৰী এলেকাত দর্শনৰ বাবে বাঘকেইটা মুকলি কৰি দিয়ে বেংগালুৰু বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক ৰবীন্দ্ৰ ডি এছে। ইফালে এই বাঘকেইটা মুকলি কৰাৰ পিছত এতিয়া দর্শকে মুঠ ১২ টা বাঘ চাবলৈ পাব।

আনহাতে,'হিমা' নামৰ বাঘিনীজনীক চাবলৈ এতিয়া দর্শকে ভিৰ কৰিছেহি উদ্যানখনত।

Your Comments