নিউজ ডেস্ক:
"প্ৰধান শিক্ষক নথকাৰ বাবে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হৈছে চৰম অৰাজকতা। ঠিকাভিত্তিক প্ৰধান শিক্ষক অৰ্থবা সৰ্বশিক্ষাৰ অধীনৰ প্ৰধান শিক্ষকেৰে চলিছে ৰাজ্যৰ সকলোবোৰ প্ৰাথমিক বিদ্যালয়"-এই গুৰুতৰ অভিযোগ সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক নিৰ্মল কুমাৰ গোৱালাৰ। আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত সন্থাৰ হৈ এক সংবাদমেলত সম্বোধন কৰি গোৱালাই কয়, ৰাজ্যৰ শিক্ষা বিভাগৰ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ পদসমূহ অসম শিক্ষা সঞ্চালকৰ তৰফৰ পৰা সৃষ্টি নোহোৱাৰ বাবে আজি সহকাৰী শিক্ষকসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰে প্ৰধান শিক্ষকৰ দায়িত্ব থকা ব্যক্তিজনে। ফলত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ আজি গতি কৰিছে নিয়ন্ত্ৰণৰ বাহিৰলৈ। সেইবাবে তেওঁলোকৰ দাবী, ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি আইনগতভাৱে প্ৰধানশিক্ষক নিযুক্তি দিব লাগে।
ইয়াৰ উপৰি আজি সংবাদ মেলত শিক্ষক সংগঠনটোৱে কয় যে ৰাজ্যত হৈ যোৱা বানপানীত চৰ-চাপৰি অঞ্চলৰ প্ৰায় ১৫ হাজাৰৰো অধিক স্কুল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। কোনোখন বিদ্যালয়ত আজি পানী শুকাইছে যদিও কোনোখন স্কুল আজিও পানী তলত আছে। প্ৰতিবছৰে বানপানীৰ পাছত ৰাজ্যৰ শিক্ষা বিভাগে বানত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়ৰ তথ্যসমূহ স্কুল কৰ্তৃপক্ষৰ পৰা গ্ৰহণ কৰে সাহায্যৰ প্ৰদান কৰাৰ বাবে। কিন্তু দুৰ্ভাগ্যৰ কথা এইয়ে কোনো এটা বছৰতে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহে নাপায় আৰ্থিক সাহায্য। সেয়েহে তেওঁলোকৰ দাবী, বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ৰসমূহৰ এটা জৰীপ শিক্ষা বিভাগৰ ফালৰ পৰা কৰি তেনে বিদ্যালয়সমূহক সাহায্য প্ৰদান কৰিব লাগে। ইফাল আজি সংবাদ মেলতে সংগঠনটোৰ সাধাৰণ সম্পাদক নিৰ্মল কুমাৰ গোৱালাই কয়, 'অহা আগষ্টৰ পৰা যদিও ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদান পুনৰ আৰম্ভ3 হ'ব কিন্তু বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ১৫হাজাৰৰো অধিক বিদ্যালয়ত পহিলা আগষ্টৰ পৰা পাঠদান কৰিব পৰা অৱস্থাত নাই। কাৰণ, বানৰ ফলত সেই সমূহ বিদ্যালয়ত আজি একাঁঠু পৰ্য্যন্ত পলস পৰি আছে। কিন্তু বিদ্যালয়সমূহত সেই পলস চাফা কৰাৰ বাবে উপযুক্ত পৰিমাণৰ অৰ্থ আজি নাই। সেয়েহে তেওঁলোকৰ দাবী অসম চৰকাৰৰ ৰাজ্য শিক্ষা বিভাগে অতি সোনকালে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহলৈ আৰ্থিক সাহায্য যোগান ধৰিব লাগে।
আজি সংবাদ মেলতে সংগঠনটোৱে কয় যে গৰাখহনিয়াৰ বাবে আজি নদীৰ কাষৰ প্ৰায় অৰ্ধশতাধিক স্কুল নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। তাৰ ভিতৰত ধুবুৰী জিলাৰ গংগাধৰ নৈত ইতিমধ্যে জাহ গৈছে ভোলাৰখাচ চৰ প্ৰাথমিক বিদ্যালয়, ৰায়দাং নদীত জাহ গৈছে বেলগুৰু চৰ প্ৰাথমিক বিদ্যালয়। ইফালে আজি সংবাদ মেলত তেওঁলোকে প্ৰকাশ কৰাৰ অনুসৰি ধুবুৰী, মানকাছাৰ, বৰপেটা, শোণিতপুৰ, ধেমাজি আৰু লখিমপুৰ জিলাত অধিক বিদ্যালয় বানত অধিক ক্ষতিগ্ৰস্ত হৈছে। সংবাদ মেলত সংগঠনটোৱে ১৯৯৯ আৰু ২০০০ চনত নিযুক্তিপ্ৰাপ্ত বৰ্তমান বেতন বঞ্চিত ১৫হাজাৰ প্ৰাথমিক শিক্ষকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে দাবী জনায়। ২০১২চনৰ পৰা এইসকল শিক্ষকে বিনা বেতনত চাকৰি কৰি আছে। একেদৰে অসম চৰকাৰৰ নতুন পেঞ্চন আঁচনি বাতিল কৰি চৰকাৰে পুৰণি পেঞ্চন আঁচনি পুনৰ কাৰ্যকৰী কৰিব লাগে বুলি সংবাদ মেলৰ জৰিয়তে দাবী জনায়। আজি এই সংবাদ মেলত সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি আয়ুব আলি আহমেদ উপস্থিত আছিল।
- Log in to post comments
- 109 views