চিনাক্ত হৈছে কালাপাহাৰৰ ডকাইতি কাণ্ডৰ আটাইকেইটা অভিযুক্ত :  আৰক্ষী আয়ুক্ত

docoits

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ কালাপাহাৰৰ এম কে জুৱেলাৰীত যোৱা ২৬ জুলাইত দিন দুপৰতে অস্ত্ৰধাৰী তিনিজনীয়া ডকাইতৰ দলে সংঘটিত কৰা চাঞ্চলকৰ ডকাইতি কাণ্ডৰ আজি ৪৮ ঘণ্টাৰ উকলি যোৱাৰ পাছতো মহানগৰ আৰক্ষীয়ে এই পৰ্যন্ত কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই এটাও ডকাইতকো। মহানগৰ আৰক্ষীয়ে ঘটনাৰে জড়িত ডকাইতক কাৰায়ত্তৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই আৰক্ষীৰ। এই সন্দৰ্ভত পুনৰ মুখ খুলিছে মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে। সংবাদ মাধ্যমৰ আগত দেওবাৰে আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি 'ঘটনাৰ তদন্তৰ ক্ষিপ্ৰতাৰে চলি আছে। হেলমেট পৰিধান কৰি অহাৰ বাবে তদন্তত সামান্য অসুবিধা হৈছে যদিও ইতিমধ্যে আৰক্ষীয়ে কিছু তথ্যৰ ভিত্তিত এই ঘটনাৰে কোন কোন মানুহ জড়িত আছে সেই কথাৰ সম্ভেদ পোৱা বুলি অৰ্থাৎ ঘটনাৰে জড়িত ডকাইতি দলটোক ইতিমধ্যে মহানগৰ আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিছে আয়ুক্ত গৰাকীয়ে। লগতে কয় আৰক্ষীয়ে অতি কম সময়ৰ ভিতৰতে ডকাইতি ঘটনাৰে জড়িতসকলক কাৰায়ত্ত কৰিবলৈ সক্ষম হ'ব।

ইফালে ঘটনাৰে জড়িত অভিযুক্ত কেইজন ৰাজ্যৰ ভিতৰৰ নে বহিঃৰাজ্য হ'ব পাৰে বুলি সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত আয়ুক্ত গৰাকীয়ে কয়, "আমি এতিয়া কেৱল অপৰাধীকহে বিচাৰি ফুৰিছোঁ। ৰাজ্যৰে হয় নে বহিঃৰাজ্যৰে সেই কথা এতিয়াই কৈ দিব পৰা নাযাব, কিন্তু আমি চিনাক্ত কৰিব পাৰিছোঁ ঘটনাৰে জড়িত ডকাইতৰ দলটোক"।

আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে এবছৰৰ পূৰ্বে সেই একেখন জুৱেলাৰীতে অনুৰূপ এক চুৰিকাণ্ড ঘটনাৰ সংঘটিত হৈছিল। কিন্তু সেই চুৰিকাণ্ডৰ ঘটনাটোত জড়িত কোনো অপৰাধীকে আজি পৰ্যন্ত মহানগৰ আৰক্ষী কৰায়ত্ত কৰিবলৈ সক্ষম নহল। সেই প্ৰসঙ্গত আয়ুক্ত গৰাকীয়ে কয়, এবছৰৰ পূৰ্বে সংঘটিত সেই চুৰিকাণ্ডটোৰো এতিয়া পুনৰ আৰম্ভ হৈছে তদন্তৰ প্ৰক্ৰিয়া। দুয়োটা ঘটনাৰে জড়িত অপৰাধীক অতি সোনকালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব।

আনহাতে ডকাইতৰ দলটোৱে জুৱেলাৰীখনৰ এজন কৰ্মচাৰীৰ মোবাইল ফোনটোও লৈ যায়। সেই সন্দৰ্ভত মোবাইল ফোনটোৰ কিবা অৱস্থান আৰক্ষীয়ে লাভ কৰিছে নেকি বুলি সোধাত তেওঁ কয়, "সেই কথা এতিয়া ৰাজহুৱা কৰিব পৰা নাযাব। কাৰণ সেই কথাটো এতিয়া ৰাজহুৱা কৰিলে তদন্তৰ প্ৰক্ৰিয়াত ব্যাহত হ’ব। সেই বাবে অপৰাধীক কৰায়ত্ত কৰাৰ পাছতহে ৰাজহুৱা কৰিব পৰা যাব"।

উল্লেখ যে যোৱা শুক্ৰবাৰে সংঘটিত উক্ত ডকাইতিৰ ঘটনাটোত এম কে জুৱেলাৰীখনৰ পৰা ডকাইতৰ দলটোৱে চোকা অস্ত্ৰ দেখুৱাই ৩৫টাকৈ গহনাৰ লগতে লৈ যায় বহু টকাও। তদুপৰি ডকাইতৰ দলটোৱে ব্যৱসায় প্ৰতিষ্ঠানত সংলগ্ন কৰি থোৱা চিচিটিভি কেমেৰা পৰ্যন্ত ভাঙি থৈ যায়।

Your Comments