বিভিন্ন দাবীৰ সমৰ্থনত দিছপুৰ লাষ্টগেটত অসম সংগ্ৰামী মঞ্চৰ অৱস্থান ধৰ্মঘট পালন

mansa

গ্ৰীষ্মকালীন বিধানসভা অধিৱেশন আৰম্ভ হোৱাৰ লগে লগেই উত্তাল হৈ পৰে দিছপুৰ লাষ্টগেট।অসম সংগ্ৰামী মঞ্চই শুকুৰবাৰে দিছপুৰ লাষ্টগেটত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। 
  

অৱস্থান ধৰ্মঘটত উপস্থিত থাকি অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে কয় যে অসমত যথেষ্ট সমস্যা আছে। কিন্তু তাৰে ভিতৰত বিধানসভাৰ পৰা আমি পাঁচটা সমস্যাৰ সমাধানৰ দাবী জনাইছোঁ।
   
সেই পাঁচটা দাবী হ'ল -
১) অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰক। প্ৰতিটো বানাক্ৰান্ত পৰিয়ালৰ সম্পূৰ্ণ পুনঃসংস্থাপন নিশ্চিত কৰক। 
২) ঠিকাভিত্তিত নিযুক্ত ৪১ হাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ লগতে প্ৰাপ্য বেতন শীঘ্ৰে  মোকলাই দিয়ক। 
৩) গুৱাহাটী মহানগৰীৰ প্ৰতিটো ভূমিহীন পৰিয়ালক ১ কঠা ৫ লেচা মাটি আবন্টনৰ ব্যৱস্থা গ্ৰহণ কৰক। 
৪) সকলো ধৰণৰ নিযুক্তিত বিষয়া পৰ্যায়ত ৮০ % আৰু তৃতীয় / চতুৰ্থ বৰ্গত ১০০ % পদ থলুৱা যুৱক- যুৱতীৰ বাবে সংৰক্ষণ কৰক । নিযুক্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাত ৫০ নম্বৰৰ মাতৃভাষা আৰু ৫০ নম্বৰৰ ৰাজ্যভাষাৰ প্ৰশ্ন বাধ্যতামূলক কৰক। 
 ৫) পথ ব্যৱসায়ীসকলৰ ওপৰত হাৰাশাস্তি বন্ধ কৰি তেওঁলোকক আইনগতভাৱে প্ৰাপ্য সা- সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰক।


এই পাঁচদফীয়া দাবী সন্নিৱিষ্ট কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে অসম সংগ্ৰামী মঞ্চই।

Your Comments