উচ্চতম ন্যায়ালয়ত এনআৰচি পুনৰীক্ষণৰ আবেদন চৰকাৰৰ এক নাটক আছিল--উপমন্যু হাজৰিকা

hazarika

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এনআৰচি পুনৰীক্ষণ বিচাৰি কৰা আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰাৰ কাৰ্যটোত আচৰিত হ'ব লগা একো নাই।কাৰণ দুয়োখন চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰাৰ আবেদনপত্ৰত নাছিল তথ্য সহকাৰে এনআৰচিত বিসংগতি হোৱাৰ কথা।স্মৰ্তব্য যে ন্যায়ালয়ে কোনো এটা বিষয়ত ৰায় দিওতে তথ্যৰ ওপৰত ভিত্তি কৰি নির্দেশ দিয়ে।কিন্তু দুয়োখন চৰকাৰে ন্যায়ালয়ক দিয়া আবেদনত তেনে কোনো তথ্য নাছিল,যাৰ ওপৰৰ ভিত্তি কৰি ন্যায়ালয়ে পুনৰীক্ষণৰ নির্দেশ দিব পাৰে। ফলত দুয়োখন চৰকাৰৰ আবেদন ন্যায়ালয়ে নাকচ কৰাটো স্বাভাৱিক।এই গুৰুত্বপূৰ্ণ মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা।


সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত হাজৰিকাই কয়-'যোৱা এবছৰ চৰকাৰ দুখন কেৱল ব্যস্ত আছিল বাদ পৰাসকলক কেনেদৰে এনআৰচিত অন্তৰ্ভুক্তি কৰিব পাৰি, তাৰ চিন্তাত।কিন্তু চূড়ান্ত এনআৰচি প্ৰকাশৰ বাবে এমাহতকৈ কম সময় থাকোতে ৰাইজক আভুৱা ভাৰিবলৈ তথ্যৰ অবিহনে এনআৰচি  পুনৰীক্ষণ বাবে আবেদন কৰি এখন নাটক ৰচনা কৰিছে।


হাজৰিকাই লগতে কয় যোৱা ২৬ আগষ্টত এনআৰচিৰ এটা বৃহৎ বিসংগতি উদঙাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক পৃথকে পৃথকে স্মাৰকপত্ৰ দিছিলোঁ। যত স্পষ্টকৈ কোৱা হৈছিল ৮০লাখ বিদেশীৰ এনআৰচিত ৪০লাখহে বাদ পৰিছিল। যি সংখ্যা আৰু হ্ৰাস পাব, সীমান্তৱৰ্তী জিলাত বৰ্তমান বাদ পৰা লোকৰ গড় সংখ্যা ৭.৫শতাংশ, যত নেকি ৰাজ্যিক ভিত্তিক হ্ৰাস পোৱা গড় সংখ্যা ১২.১৫শতাংশ।কিন্তু দুৰ্ভাগ্যৰ কথা এই যে চৰকাৰে তাপৰ্যপূৰ্ণভাৱে এই তথ্যসমূহ উচ্চতম ন্যায়ালয়ত দাঙি নধৰিলে।


পুনৰ পৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰা এখন নাটকহে ৰচনা কৰিছে। লক্ষ্যনীয় কথা এই যে আবেদন নাকচ হোৱাৰ পিছত চৰকাৰ দুখনে এতিয়া দোষ আৰু দায়িত্ব উচ্চতম ন্যায়ালয়ৰ ওপৰত ঠেলি দিবলৈ প্ৰচেষ্টা চলাইছে।


ইয়াৰ উপৰিও হাজৰিকাই কয় যে চৰকাৰে উচ্চতম ন্যায়ালয়ত খিলঞ্জীয়া বিৰোধী স্থিতি অব্যাহত ৰাখিছে। ভিত্তিবর্ষৰ ক্ষেত্ৰত ১৯৭১চনক সমৰ্থন কৰি অসমত জন্ম হোৱা বিদেশীসকলক নাগৰিকত্ব দিবলৈ চৰকাৰে শেহতীয়াভাৱে উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ আবেদনো নাকচ হ'ল।

Your Comments