নিউজ ডেস্ক:
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ বিজন মহাজন আৰু মমিনুল আৱালে এখন সংবাদমেলৰ আয়োজন কৰে।
সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ বিজন মহাজনে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সকীয়নী প্ৰদান কৰে।
তেওঁ কয়- 'এনআৰচিখন অসমীয়া জাতিৰ বা অসমত বাস কৰা সকলো ভাৰতীয়ৰ বাবে আয়ুসৰেখা।অসমখন অবৈধ বিদেশীৰে ভৰি আছে বুলি আমি সকলোৱে জানো। সেয়েহে এজনো অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট নোহোৱাকৈ এখন শুদ্ধ , নিকা, আসোঁৱাহমুক্ত এনআৰচি সকলো ভাৰতীয়ৰে কাম্য। কিন্তু এই এনআৰচিখনৰ কাম কৰি থকা লোকসকলৰ মাজতো অবৈধ বিদেশী সোমাই আছে। সেয়েহে এই এনআৰচিখন সঁচাকৈয়ে এখন শুদ্ধ এনআৰচি হ'ব নে নাই,সেয়া সন্দেহজনক।'
২৮/৮/২০১৮ তাৰিখে উচ্চতম ন্যায়ালয়ে এক ৰায়দান কৰিছিল। তাত উচ্চতম ন্যায়ালয়ে প্ৰতীক হাজেলাক প্ৰশ্ন কৰিছিল যে ১০ শতাংশ পুনৰীক্ষণৰ বাবে কিমান সময় লাগিব আৰু কি কি তথ্য দিব পাৰিব।কিন্তু হাজেলাই সেই নথিপত্ৰ দাখিল কৰিলেনে,সেয়া আজিও অৱগত নহয় বুলিও তেওঁ কয়।
তেওঁ লগতে কয় কোনো বিষয়াই এনআৰচি প্ৰক্ৰিয়াটোক নিজাববীয়াকৈ চলাব নোৱাৰে।কিন্তু উচ্চতম ন্যায়ালয়ে হুকুম নিদিয়াকৈ হাজেলাই কেনেকৈ এতিয়া শপতনামাত ২৭ % লোকৰ পুনঃনিৰীক্ষণ কৰিলে বুলি ক'লে।
পূৰ্ণাংগ এনআৰচিত যদি এজনো অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট হৈ থাকে,তেনেহলে তাৰ বাবে দায়ী হ'ব প্ৰতীক হাজেলা। তেতিয়া দেশৰ নিৰাপত্তাৰ ওপৰতো ভাবুকি আহিব বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে।
গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজে নজনাকৈ একো কাম হ'ব নোৱাৰে। সেয়েহে হাজেলাই ৰাইজক জনাওক এই 'Automatic Reverification' আচলতে কয় কি?এই 'Automatic Reverification'ৰ প্ৰক্ৰিয়াটো কেনেধৰণৰ? এইটো কেতিয়া আৰম্ভ কৰিছিল আৰু কেতিয়া শেষ কৰিছিল? হাজেলাই এই প্ৰশ্নৰ উত্তৰ ৰাইজক দিয়ক বুলিও তেওঁ মন্তব্য দিয়ে।
হাজেলা এই কামৰ বাবে গৰিহণা পোৱাৰ যোগ্য। তেওঁ কেতিয়াও উচ্চতম ন্যায়ালয়ৰ উৰ্দ্ধত নহয় বুলিও বিজন মহাজনে মন্তব্য কৰে।
- Log in to post comments
- 35 views