মিজো মহিলাৰ পৰা ২০ লাখ টকা কাঢ়ি নিয়াৰ অভিযোগ: দিছপুৰ আৰক্ষীয়ে আটক কৰিলে মহানগৰীৰ তিনি আৰক্ষীক

MZ

নিউজ ডেস্ক:
খাকী পোছাকত কালিমা সানিলে গুৱাহাটী মহানগৰীৰ হাতীগাওঁ থানাৰ দুই উপ-পৰিদর্শক আৰু দিছপুৰ আৰক্ষী থানাৰ এজন হোমগাৰ্ডে।এগৰাকী মিজোৰামৰ মহিলাৰ পৰা উপপৰিদর্শকদ্বয় জন পাঠৰী, প্ৰাঞ্জল বৰা আৰু হোমগাৰ্ড বিপুল হাজৰিকাই ২০লাখ টকা কাঢ়ি নিয়া বুলি অভিযোগ উত্থাপনৰ পাছতে আজি তিনিওগৰাকী খাকী পোছাকধাৰীক আটক কৰা হৈছে।দিছপুৰ থানাত মহিলাগৰাকীয়ে দিয়া অভিযোগৰ ভিত্তিতে দিছপুৰ আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰিছে আৰক্ষী উপপৰিদর্শক দুজনৰ লগতে হোমগাৰ্ডজনকো।

উল্লেখ্য যে গুৱাহাটীৰ হোটেল তাজৰ সমীপৰ পৰা আৰক্ষী বিষয়াকেইজনে মিজোৰামৰ মহিলাগৰাকীৰ পৰা টকাখিনি কাঢ়ি নিয়া বুলি অভিযোগ উথাপন হৈছে।ইফালে, গুৰুত্বপূৰ্ণ কথা এই যে ২০লাখ টকা লৈ অহা মিজো মহিলা গৰাকীৰ বিৰুদ্ধেও উথাপন হৈছে গুৰুতৰ অভিযোগ।সেই অনুসৰি মিজো মহিলাগৰাকী জালনোট সৰবৰাহৰ লগত জড়িত।ইয়াৰ উপৰিও জানিব পৰা মতে,মহিলাগৰাকীয়ে উক্ত টকাখিনি সেই দিনটোত জালনোট সলনি কৰাৰ বাবে অনা বুলিও অভিযোগ উত্থাপন হৈছে।

ঘটনাটো সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।মহিলাগৰাকীৰ লগত অহা এগৰাকী জালনোট সৰবৰাহকাৰীক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে মহিলাগৰাকীয়ে ব্যৱহাৰ কৰা ইন'ভা গাড়ীখন ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে।
ইফালে,এই সন্দৰ্ভত এতিয়ালৈকে  মুখ খোলা নাই আৰক্ষীয়ে।তাৰ মাজতে সন্দেহ হয়,কি কাৰণত হাতীগাঁও আৰক্ষীৰ বিষয়া দুজনৰ সৈতে দিছপুৰ আৰক্ষীৰ থানা হোমগাৰ্ডজন জড়িত হবলৈ পাইছে। তদন্তৰ পিছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

Your Comments