হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
হোজাইৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্য্যলয়ৰ সন্মূখত হোজাই জিলাৰ বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।মধ্যাহ্ন ভোজন আচনিখন স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা পৰিচালনা কৰিবলৈ বিচৰা কাৰ্যৰ বিৰোধিতা কৰিয়েই উত্তাল হৈ পৰে হোজাই শংকৰদেৱ নগৰ ।মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী কৰণ কৰাৰ বিৰুদ্ধে লগতে ৰান্ধনী সকলক মাহিলী ৫ হাজাৰ টকাকৈ মাননী প্ৰদান কৰা, পেঞ্চন, চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ দাবীত আজি হোজাই জিলাৰ শংকৰদেৱ নগৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে মধাহ্ন আচনিত নিয়োজিত কৰ্মচাৰী সকলে ।
শতাধীক মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্ত গৰাকীৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৰান্ধনী সকলে । উল্লেখ্য যে চৰকাৰে মধ্যাহ্ন ভোজন আচনিখন স্বেচ্ছাসেৱী সংগঠনক গতাই দিয়াৰ প্ৰস্তুতিৰ তীব্ৰ বিৰোধিতা কৰে মধাহ্ন ভোজন কৰ্মচাৰী সকলে ।
- Log in to post comments
- 17 views