গোলাঘাটত মধ্যাহ্ন ভোজন সন্থাৰ প্ৰতিবাদত কঁপিল ৰাজপথ

midday

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন

 

২০০৫ চনৰ পৰা আৰম্ভ হোৱা ৰাজ্য চৰকাৰৰ মধ্যাহ্ন ভোজন আঁচনি এন জি অ'-ক দিয়াৰ প্ৰস্তাৱৰ প্ৰতিবাদত আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ গোলাঘাট জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয় সমীপত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে। প্ৰধানকৈ মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অ'-ক দিয়াৰ প্ৰতিবাদত আৰ্থিক নিৰাপত্তাহীনতাত ভোগা এই কৰ্মীসকল এনেদৰে ওলাই আহিছে ৰাজপথলৈ। মধ্যাহ্ন ভোজনৰ আঁচনি এন জি অ'ক অৰ্পণ কৰাৰ সিদ্ধান্ত বাতিল কৰা,  প্ৰতিজন কৰ্মচাৰীক ৫,০০০ টকালৈকে মাহেকীয়া বেতন বৃদ্ধি কৰাৰো দাবী তোলে সন্থাটোৱে। এই প্ৰতিবাদী কাৰ্যসূচীত  জিলাখনৰ প্ৰায় পাঁচ শতাধিক কৰ্মচাৰীয়ে অংশ লোৱাৰ লগতে চৰকাৰৰ এই হঠকাৰী মনোভাৱক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। অনতিপলমে চৰকাৰে এই প্ৰস্তাৱ বাতিল নকৰিলে সমাগত দিনত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ ভাবুকি দিয়ে সংগঠনটোৱে।

Your Comments