বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
পুনৰ হোৱা ধাৰাষাৰ বৰষুণৰ ফলত কামৰূপ-নলবাৰী জিলা সংযোগী নৈ বৰলীয়া ফেনেফোটোকাৰে ওফন্দি উঠিছে৷সেয়েহে নৈখনৰ দুয়োপাৰৰ জৰাজীৰ্ণ মথাউৰিক লৈ নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে৷উল্লেখ্য যে কেইদিনমান আগতে কালৰূপ ধৰা নৈখনৰ পানী শুকাবলৈ লৈছিল যদিও দুয়োপাৰে প্ৰৱল খহনীয়াই ৰাইজক শংকিত কৰি তুলিছে৷
নৈখনৰ পাৰতে নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰগাছা ভঁৰালটোলাৰ কেইজনমান উৎসাহী যুৱকে নিজ পট্টাৰ মাটিত মালভোগ কল আৰু বিভিন্ন প্ৰজাতিৰ ফুলৰ খেতি কৰিছিল৷বিভিন্ন ঘাত-প্ৰতিঘাতক প্ৰত্যাহ্বান জনাই এইসকল যুৱকে কিছুপৰিমাণে অৰ্থনৈতিক সকাহো পাইছিল। দুৰ্ভাগ্যজনক কথা যে বিগত বানপানীৰ পিছতে উৎসাহী যুৱকসকলৰ হেঁপাহৰ কলৰ বাগিচাখন এফালৰ পৰা খহনীয়াত জাহ যোৱাৰ উপক্ৰম হোৱাত উপায়বিহীন হৈ পৰিছে তেওঁলোক৷মাথোঁ বাগিচাখনলৈ চাই হুমুনিয়াহ কাঢ়িয়ে দিন নিয়াইছে এইসকল দুৰ্ভগীয়া যুৱকে৷
উল্লেখযোগ্য যে বিগত এপ্ৰিল মাহত হোৱা প্ৰবল ধুমুহাতো এওঁলোকৰ বাগিচাখনৰ যথেষ্ট ক্ষতিসাধন হৈছিল৷কিন্তু চৰকাৰীভাৱে তাৰো কোনো সহায় বা সাহায্য লাভ কৰা নাই৷এওঁলোকে চৰকাৰক এটাই মাত্ৰ আবেদন কৰিছে যে খহনীয়াত জাহ যাব ধৰা হেঁপাহৰ কলৰ বাগিচাখন যিকোনো প্ৰকাৰেৰে ৰক্ষা কৰক,নহ'লে তেওঁলোক কৰ্মহীন হৈ পৰিব৷
- Log in to post comments
- 52 views