উত্তৰ গুৱাহাটীত ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠা দিৱস পালন

mazdur

নিউজ ডেস্ক:

ভাৰতীয় মজদুৰ সংঘৰ লক্ষ্য দেশৰ শ্ৰমিক সমাজক একত্ৰিত কৰি শোষণমুক্ত  কৰাৰ লগতে সুৰক্ষা প্ৰদান কৰা।এই মহান উদ্দেশ্য আগত ৰাখি ১৯৫৫ চনৰ ২৩ জুলাইত ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা বাল গংগাধৰ তিলকৰ জন্মদিনটোতে ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠা কৰা হয়।কামৰূপ জিলা ভাৰতীয় মজদুৰ সংঘই উত্তৰ গুৱাহাটীত ২৩ জুলাইত ভাৰতীয় মজদুৰ সংঘৰ  প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।
কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত ঘোঁৰামাৰা প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।গছপুলি ৰোপণ কৰে কন্ট্ৰেকচুৱেল টেকনিকেল লেবাৰ ইউনিয়নে।সন্ধিয়া উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত বাৰ্ষিক সভা অনুষ্ঠিত কৰা হয়।কামৰূপ জিলা মজদুৰ সংঘৰ সভাপতি উজ্জ্বল ভট্টাচাৰ্যই সঞ্চালনা কৰা সভাত কামৰূপ জিলাৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ভাৰতীয় মজদুৰ সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ আহ্বায়ক জিতু হাজৰিকাই।ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠাপক দত্তপন্ত ঠেংগ্ৰেৰ সংগ্ৰামী জীৱনৰ ওপৰত আলোকপাত কৰে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰে।
সভাত বক্তাসকলে শোষণৰ বিৰুদ্ধে যুঁজ দি এখন শক্তিশালী ভাৰত নিৰ্মাণ কৰাৰ  সংকল্পবদ্ধতাৰ কথা সজোৰে দাঙি ধৰে।

Your Comments