অন্ধ্ৰপ্ৰদেশত ব্যক্তিগত খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানৰ ৭৫ শতাংশ চাকৰি স্থানীয় লোকৰ বাবে সংৰক্ষণ

andhra

অন্ধ্ৰপ্ৰদেশত ব্যক্তিগত খণ্ডৰ সকলো ধৰণৰ উদ্যোগ-প্ৰতিষ্ঠানৰ চাকৰিত স্থানীয় লোকৰ বাবে ৭৫ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিলে অন্ধ্ৰপ্ৰদেশ চৰকাৰে।বিধানসভাত আইন প্ৰণয়ন কৰি এই সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাটো  অন্ধ্ৰৰ স্থানীয় নিবনুৱাসকলৰ বাবে বৃহৎ সকাহ হিচাপে চিহ্নিত হৈছে।


উল্লেখ্য যে ব্যক্তিগত খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানত স্থানীয় লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা অন্ধ্ৰ দেশৰ প্ৰথমখন ৰাজ্য হিচাপে চিহ্নিত হৈছে।

Your Comments