জামুগুৰিহাটৰ প্ৰতিবেদক
দেশৰ অনাগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি 'ইণ্ডিয়া ষ্টাৰ বুক অব ৰেকৰ্ড'-এ দেশৰ বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা থকা নতুন প্ৰজন্মৰ ব্যক্তিসকলক প্ৰদান কৰা সন্মানীয় 'ইণ্ডিয়া ষ্টাৰ পেছন এৱাৰ্ড' লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিৰ ৰঙাচকুৱা গাঁওনিবাসী জগত শৰ্মা আৰু ৰাণু শৰ্মাৰ পুত্ৰ তথা যুৱ সাংবাদিক, ফটোগ্ৰাফাৰ চন্দন শৰ্মাই।শৰ্মাই ২০১৭ চনৰ পৰাই অসমৰ বিভিন্ন জাতীয় পৰম্পৰাগত খাদ্য সম্ভাৰ, সাজ-পোছাক, নৃত্য-গীত,পৰম্পৰাগত উৎসৱ, মঠ-মন্দিৰ, প্ৰাকৃতিক সৌন্দৰ্য্যৰ ফটোগ্ৰাফী কৰি আহিছে।
তেওঁ ২০১৮ চনৰ পৰাই সংবাদ মাধ্যমৰ যাত্ৰা আৰম্ভ কৰি বিভিন্ন ৱেব পৰ্টেল, বাতৰি-কাকতত বহুতো যোগাত্মক বাতৰি প্ৰকাশ কৰাৰ বাবে নগাঁও জিলাৰ কামপুৰত তেজপুৰৰ ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে দক্ষ সাংবাদিকতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ উল্লেখ্য যে 'ইণ্ডিয়া ষ্টাৰ বুক অফ ৰেকৰ্ডে'-এ প্ৰদান কৰা এই বঁটাত আছে প্ৰশংসা পত্ৰ, স্মাৰক আৰু এটা মেডেল ৷ চন্দনৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰৰ ১১ গৰাকী নতুন প্ৰজন্মৰ ব্যক্তিয়ে বৰ্তমানলৈকে এই বঁটা লাভ কৰিছে ।
চন্দন শৰ্মা বৰ্তমান টৌভঙাস্থিত মাউন্ট চিনাই ইংলিছ হাইস্কুলৰ শিক্ষক।এই বৃহৎ সফলতাৰ বাবে অঞ্চলবাসীয়ে চন্দন শৰ্মাক ভূয়সী প্ৰশংসা কৰিছে।
- Log in to post comments
- 14 views