লংকাৰ পৰা মনোজ কুমাৰ পাঠক
যোৱা ১৯ জুলাই তাৰিখে এন আৰ চি ২০১৯ তালিকাত নিজৰ তথা পৰিয়ালৰ নাম অন্তৰ্ভূক্ত নহ’ব বুলি জনাৰ পিছত হোজাইৰ উদালীৰ কছাৰী গাঁৱৰ ৰহিম উদ্দিন নামৰ ব্যক্তিজনে নিজ গৃহতেই কৰিছিল বিহ পান| বিহ পান কৰা ৰহিম উদ্দিনক ততাতয়াকৈ পৰিয়ালৰ লোকে হোজাই হাম চিকিৎসালয়ত ভৰ্তি কৰাই কিছু সুস্থ হোৱাত পুনৰ দেওবাৰে লংকাৰ উদালী নিজ গৃহলৈ লৈ আহে। পিছত সোমবাৰে পুনৰ পৰিয়ালৰ লোকৰ অজ্ঞাতে ৰহিম উদ্দিনে নিজ গৃহতেই বিহ পান কৰে আৰু চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুক সাৱটি লয়। এন আৰ চি-ত নাম কৰ্তন হোৱাত ভীতিগ্ৰস্ত হৈ আত্মহনন কৰা উদালীৰ ৰহিম উদ্দিনৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত আজি মংগলবাৰে হোজাই জিলা আমছুৱে শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্ত আৰু অসম চৰকাৰৰ গৃহবিভাগৰ মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে আৰু ৰহিম উদ্দিনৰ পৰিয়ালবৰ্গলৈ চৰকাৰৰ পৰা ২০ লাখ টকা ক্ষতিপূৰণ প্ৰদানৰ দাবী জনায়।
- Log in to post comments
- 25 views