ধীৰজ উপাধ্যায়
ৰাজ্যৰ দ্বিতীয়টো বানত চিঙিল বাক্সাৰ মুছলপুৰ মহকুমাৰ মৰাপাগলাদিয়া নৈৰ ওপৰত থকা কংক্ৰিটৰ দলং৷ যোৱা কেইদিনমান ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত ফেনে ফুটোকাৰে বাঢ়িছে মৰাপাগলাদিয়া নৈৰ পানী৷ ভুটানৰ পৰা বৈ অহা পানীৰ কোবাল সোঁতত বাক্সা জিলাৰ মুছলপুৰ-সুৱনখাটা সংযোগী পথৰ সুৱনখাটাৰ কৌটিটকীয়া দলংখন মংগলবাৰে চিঙি যায়৷ বিটিচি গঠন হোৱাৰ পাচত কোটি টকা খৰচ কৰি যাতায়াতৰ সুবিধাৰ কাৰণে নিৰ্মাণ কৰা হৈছিল দলংখন৷ যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মংগলবাৰে পুৱা মৰাপাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে মাজভাগতে চিঙি পেলায় কংক্ৰিটৰ দলংখন৷ দলংখনৰ ওপৰেৰে অহা-যোৱা কৰা বাইক আৰোহীও দলং ভাঙি নৈত পৰে বুলি জানিব পৰা গৈছে৷ ইফালে দলংখন ভাঙি যোৱাৰ ফলত মুছলপুৰ-সুৱনখাটা সংযোগী পথটোৰ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷
- Log in to post comments
- 37 views