বইটামাৰীত বান পৰিস্থিতি পুনৰ ভয়াৱহ, উটি গ'ল বাঁহৰ সাকোঁ

dalang

বইটামাৰীৰ প্ৰতিবেদক

বিগত কেইদিনমান ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বঙাইগাওঁ জিলাৰ বিভিন্ন প্ৰান্তৰ মাজেদি বৈ যোৱা টুনীয়া নৈৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে। ফলত বহু অঞ্চল জলমগ্ন হৈছে। টুনীয়া নৈৰ বাঢ়নী পানীয়ে নৰ্থ বইটামাৰীৰ দেৱানগাওঁ সূত্ৰধৰপাৰাত গ্ৰাম্য পথ খহাই প্ৰায় ত্ৰিশটা মান পৰিয়ালৰ বাসগৃহ তথা চৌহদ বুৰাই পেলাইছে। দ্ৰুত গতিত পানী বৃদ্ধি পাইছেলোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত প্ৰশাসনে এছ ডি আৰ এফ-ৰ সহায়ত লোকসকলক উদ্ধাৰ কৰি নিৰাপদ ঠাইলৈ আনেলোকসকল বৰ্তমান দেৱানগাওঁ সূত্ৰধৰপাৰা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে। পশুধন সমূহো সংকটত আছে।

ইফালে নৈখনৰ কোবাল সোঁতত অঞ্চলটোৰ ধলাগাঁৱত থকা বাহৰ সাকোঁ ভাগি উটি যোৱাত নৈ খনৰ সিটো পাৰে থকা ধলাগাওঁ টিলাপাৰাৰ সকলো লোক বৰ্তমান বহি:বিশ্বৰ লগত সংযোগ বিচ্ছিন্ন ৈ পৰিছেঅনুৰূপ অৱস্থা নৈখনৰ সিপাৰে থকা দেৱানগাওঁ ৰাভাপাৰাৰ লোকসকলৰদেৱানগাৱঁত থকা বাহৰ সাঁকো ভাগি যোৱাৰ উপক্ৰম হৈছে। তাৰোপৰি নৈখনৰ ভয়ানক ৰূপফলত ইটোপাৰে আহিব পৰা নাই লোকসকলউল্লেখ্য যে, গাওঁ দুখনৰ লোকৰ বাবে বাহৰ সাকোঁ দুখনেই হ'ল যাতায়তৰ উপায়প্ৰতিবাৰেই বাৰিষা সাকোঁ দুখন উটুৱাই নিয়ে আৰু গৃহবন্দী হ'ব লগা হয় উক্ত দুঠাইৰ লোকসকলএইবাৰো  তাৰ ব্যতিক্ৰম নহ'নৰ্থ বইটামাৰীৰ উপৰি পাৰ্শ্চৱৰ্তী বহু অঞ্চলো জলমগ্ন।  ইফালে বাতৰি যুগুতোৱা পৰলৈকে বইটামাৰী অঞ্চলত অব্যাহত আছে নেৰানেপেৰা বৰষুণএনেদৰে বৰষুণ অব্যাহত থাকিলে পৰিস্থিতি যে অধিক জটিল হ'ব সেয়া নিশ্চিত

Your Comments