গোৱালপাৰাৰ পৰা উৎপল ৰাভা
গোৱালপাৰা জিলাৰ বৰদামাল গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন অনুন্নত গাঁও নলংগা পাহাৰ।গাৰো জনগোষ্ঠীয় লোকৰ বসতিপূৰ্ণ নলংগা পাহাৰৰ প্ৰায় ৬৫ টা পৰিয়ালে আজি বহু বছৰৰ পৰা মাটি-কঁঠালৰ খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে।উল্লেখযোগ্য যে কোনোধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা নলংগা পাহাৰৰ মাটি-কঁঠাল অথবা আনাৰস অসমৰ ভিতৰতে অতি সোৱাদযুক্ত বুলি জনাজাত হৈ আহিছে।
গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ উপৰিও বঙাইগাঁও,বৰপেটা,নলবাৰী আদি জিলা আৰু গুৱাহাটীলৈ নিতৌ নলংগা পাহাৰৰ কেইবাশ সোৱাদযুক্ত আনাৰস চালান দিয়া হয়।কিন্তু,অনুন্নত যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ বাবে নলংগা পাহাৰৰ আনাৰসৰ খেতিয়কসকলে উপযুক্ত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে।
ৰাজ্য চৰকাৰে যথোপযুক্তভাৱে সহায় কৰিলে নলংগা পাহাৰৰ খেতিয়কসকলে অধিক উন্নতমানৰ আনাৰসৰ খেতি কৰিবলৈ উৎসাহ পাব সচেতন মহলে মত প্ৰকাশ কৰিছে।
- Log in to post comments
- 21 views