কামপুৰৰ পৰা জোনটি সাগৰ বৰদলৈ
সোমবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মাহৰীআটী বাইপাছত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।যোৰহাটৰ পৰা আহি থকা এখন মাৰুতি অল্ট' আৰু বিপৰীত দিশৰ পৰা আহি থকা বলেৰো পিকআপ ভান এখনৰ মাজত মুখামুখী সংঘৰ্ষ হয়।দুৰ্ঘটনাটোত বলেৰো পিকআপ ভানখনৰ চালকজন গুৰুতৰভাৱে আহত হয় ।চালকজনক শীঘ্ৰেই চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে স্থানীয় লোকে ।
দুৰ্ঘটনাত পতিত হোৱা অল্ট' গাড়ীখনৰ নম্বৰ 'এএছ ০৩ এম ৩৬৭০' আৰু বলেৰো পিকআপ ভানখনৰ নম্বৰ হৈছে 'এ এছ০২ বি চি ৬১৩৪' বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 31 views