বঙাইগাঁওঃ
বঙাইগাঁও জিলাৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ দিশে আগবঢ়ি থকাৰ সময়তে পুনৰ যোৱা নিশাৰে পৰা ধাৰাসাৰ বৃষ্টিপাত হোৱাত জিলাখনৰ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে ৷ অৱশ্যে ইয়াৰ পাছতো বান পৰিস্থিতিৰ উন্নতি হৈ আছে ৷ ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনৰ প্ৰধান তিনিখন নৈ ক্ৰমে ব্ৰহ্মপুত্ৰ, আই আৰু আই-মানহ নৈৰ জলস্তৰ বৃদ্ধি পাইছে যদিও বিপদ সীমাৰ তলেৰেই বৈ আছে ৷ ইপিনে জিলাখনৰ বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বানৰ কৱলত পৰা গাঁওসমূহৰ বান পৰিস্থিতিও কিছু উন্নত হৈছে ৷ ৰাজহ চক্ৰটোৰ অন্তৰ্গত বানৰ কৱলত থকা ৬৫ খন গাঁৱৰ ভিতৰত ইতিমধ্যে ৩১ খন গাঁও জলমুক্ত হৈছে ৷ প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে সেই গাঁওসমূহত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে যাৱতীয় ব্যৱস্থা আৰম্ভ কৰাৰ লগতে ক্ষয়- ক্ষতিৰ জৰীপ চলি আছে ৷ এই ক্ষেত্ৰত জিলা উপায়ুক্ত আদিল খানৰ কাঢ়া নিৰ্দেশত উন্নয়নৰ সৈতে জড়িত সংশ্লিষ্ট সকলো চৰকাৰী বিভাগে বানাক্ৰান্তসকলক সকলো ধৰণৰ প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ তৎপৰ হৈ কাম কৰি আছে ৷
গড়কাপ্তানী আৰু জলসম্পদ বিভাগে বান পানীত ক্ষতিগ্ৰস্ত হোৱা বাট- পথ, দলং তথা মথাউৰিসমূহ তৎকালীনভাৱে মেৰামতি কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা অব্যাহত ৰাখিছে ৷ ঠিক সেইদৰে স্বাস্থ্য, পশু পালন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগ আদিয়ে বান পানীৰ সময়ত আৰু বানপানীৰ পাছত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ পূৰ্ণ গতিত অব্যাহত ৰাখিছে ৷ বান পানীৰ পাছত সচৰাচৰ দেখা দিয়া যি কোনো মহামাৰীক প্ৰতিহত কৰিবৰ বাবে খোৱা পানীৰ উৎসহসমূহ বিশেষকৈ বিদ্যালয় চৌহদ আৰু ৰাজহুৱা স্থানত থকা পানীৰ উৎসহসমূহ বীজাণু মুক্ত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইপিনে জিলাখনত বানপানীৰ ফলত হোৱা ক্ষয়- ক্ষতিৰ জৰীপ পূৰ্ণ গতিত চলি আছে , যাতে বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে অতি সোণকালে পুনৰ সংস্থাপনৰ আৰ্থিক সাহায্য লাভ কৰিব পাৰে ৷ ইয়াৰ বাবে দণ্ডাধীশসকলে বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ গৈ ক্ষয়- ক্ষতিৰ চৰজমিন জৰীপ চলাই আছে ৷
- Log in to post comments
- 3 views