শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :
অসমৰ ভিতৰত সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰা অসম ৰাজ্যিক পৰিবহন নিগমৰ শিৱসাগৰ কাৰ্যালয়ৰ গাতে লাগি থকা বাছ অৱস্থানত বৃহৎ বৃহৎ গাতৰ বাবে যি কোনো সময়তে ভয়ংকৰ দূৰ্ঘটনা হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে। বাছ অৱস্থানটোৰ গাড়ী ৰখোৱা ঠাই ডোখৰত সম্প্ৰতি বৃহৎ বৃহৎ দ' গাঁতৰ সৃষ্টি হোৱাৰ লগতে ভিতৰৰ ৰদ সমূহ ওলাই পৰিছে। যাৰ বাবে এজাক কিনকিনিয়া বৰষুণতে গাঁতবোৰত একাঁঠু পৰ্যন্ত পানী হোৱাত যাত্ৰীসকলৰ বাবে বিপদজনক হৈ পৰিছে। এই দ' গাঁত কেইটাত পৰি ইতিমধ্যে বহু যাত্ৰী আঘাত হ’বলগীয়া হৈছে। বাছ অাস্থানটোৰ হস্পিতেল ৰোডৰ দিশে থকা প্ৰৱেশদ্বাৰত এই বৃহৎ বৃহৎ গাঁতে যাত্ৰীসকলৰ লগতে বাহনসমুহৰ পাৰ্কিঙৰ সময়তো অাস্থানটোত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত অ'এনজিচিত বহুসংখ্যক গাড়ী চলি আছে আৰু অ'এনজিচিৰ পৰা প্ৰতিমাহে বিভাগটোৱে বৃহৎ পৰিমাণৰ ধন লাভ কৰি আহিছে৷ ইয়াৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কি কাৰণত দ' দ' গাঁতসমুহ মেৰামতি কৰিব পৰা নাই তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে অসমৰ ভিতৰত সবাতোতকৈ অধিক ৰাজহ শিৱসাগৰস্থ পৰিবহন বিভাগৰ আস্থানৰ পৰাই বিগত বৰ্ষ সমূহত আহৰণ কৰি আহিছে।
ইফালে কুম্ভকৰ্ণ নিদ্ৰাত থকা বিভাগটোৰ শীৰ্ষ বিষয়া-কৰ্মচাৰীয়ে এই সমুহ গাঁত পুণৰ মেৰামতি কৰিবলৈ আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে অতিশীঘ্ৰে এই গাঁতসমূহ মেৰামতি কৰিবলৈ দাবী উত্থাপন কৰিছে।
- Log in to post comments
- 13 views