গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
গোলাঘাট জিলাৰ অতিকৈ স্পৰ্শকাতৰ অঞ্চল অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰি মহকুমাৰ 'বি' ছেক্টৰৰ ঘোলাপানী অঞ্চলত অসম চৰকাৰে আৰম্ভ কৰা এখন ক্ষুদ্ৰ চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰিছে। বৃহৎ অঞ্চলটোৰ সীমাবাসীৰ বাবে অতিকৈ প্ৰয়োজনীয় চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য বিগত ৭ মাহ ধৰি বন্ধ হৈ আছে। ইয়াৰ কাৰণ সন্দৰ্ভত অনুসন্ধান কৰাত গম পোৱা যায় যে সীমান্তৰ নিৰাপত্তা ৰক্ষী চিআৰপিএফ-ৰ বাধাৰ বাবেই এই নিৰ্মাণ বন্ধ হৈছে। বৰ্তমান গছ-লতাই আৱৰি ধৰা এই অৰ্ধনিৰ্মিত চিকিৎসালয়খন সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰেও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। এই বৃহৎ অঞ্চলটোৰ অঞ্চলবাসীয়ে স্বাস্থ্য ৰক্ষাৰ খাতিৰত চিকিৎসাৰ বাবে নিকটবৰ্তী উৰিয়ামঘাট, বৰ পথাৰ, সৰুপথাৰলৈ আজিও ঢাপলি মেলে। জানিব পৰা মতে নাগালেণ্ড সীমান্ত দণ্ডাধীশে দাবী কৰা অনুসৰি উক্ত ভূ-খণ্ড তেওঁলোকৰ। যিহেতু, নাগালেণ্ড সীমান্তত যিকোনো উন্নয়নমূলক কামত তেওঁলোকক চিআৰপিএফে বাধা প্ৰদান কৰি অহাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে যদিহে কোনো উন্নয়নমূলক কাম কৰিব বিচাৰে তেন্তে তেওঁলোককো সীমান্তত এনে উন্নয়নমূলক কাম কৰিবলৈ দিব লাগিব। ক্ৰমাৎ এনেদৰে নিজৰ দখললৈ অনা অসমৰ ভূমিৰ 'এ ' ছেক্টৰো সম্পূৰ্ণ দখল কৰি ইতিমধ্যে দুটাকৈ মহকুমা চলাই আছে।
ইয়াৰোপৰি 'বি' ছেক্টৰৰ অধিকাংশ অঞ্চল নাগালেণ্ডৰ দখললৈ আহিছে। যেনেকৈ ২০১৭ চনত 'বি' ছেক্টৰৰ টেঙাতল পঞ্চমুখত নাগালেণ্ডে দুটাকৈ বৃহৎ পকী ঘৰ নিৰ্মাণ কৰি 'অকই' নামেৰে এটা মহকুমা স্থাপনৰ যো-জা চলাইছিল যদিওঁ গোলাঘাটৰ অন্যতম জেষ্ঠ্য সাংবাদিক তথা পৰিবেশ কৰ্মী অপূৰ্ব্ব বল্লভ গোস্বামীয়ে তাৎক্ষণিক বাতৰি পৰিবেশন কৰি অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰাত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হৈ উক্ত পকী ঘৰ দুটা ভাঙি পেলাবলৈ নিৰ্দেশ দিয়ে যদিও, পৰিতাপৰ কথা যে ঘৰদুটা আজি পৰ্যন্ত ভাঙি পেলোৱা দেখা নগ'ল। ইয়াৰ পৰিবৰ্তে 'বি ' ছেক্টৰৰ মাজেদি নাগালেণ্ডে পকী পথ নিৰ্মাণ কৰি পানী যোগানৰ দৰে কাম-কাজ চলাই থকাহে দেখা পোৱা গ'ল। উল্লেখযোগ্য যে, উক্ত অঞ্চল সমূহত সঘনাই ঘটি থকা সীমা বিবাদৰ অন্ত পেলাবলৈ গোলাঘাটৰ কাজিৰঙাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই এক আলোচনাত মিলিত হৈছিল যদিও দুয়োখন ৰাজ্যৰ চৰকাৰে কিন্তু কোনো পদক্ষেপ লোৱা দেখা নগ'ল। ইয়াৰ পূৰ্বেও অসম চৰকাৰে সীমা সমস্যা সন্দৰ্ভত ১৯৮৮ চনত উচ্চতম ন্যায়ালয়ত এক গোচৰ তৰিছিল যদিও পৰিতাপৰ কথা যে মহামান্য ন্যায়ালয়ে আজিকোপতি উক্ত গোচৰ সন্দৰ্ভত ৰায় দান কৰা নাই। ইয়াৰোপৰি জানিব পৰা মতে, তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ৰঙা পুখুৰী তিনি আলিৰ গেলাজানৰ আলফা ৬ নামৰ এটা তেল খাদৰ পৰাও নাগালেণ্ডে তেল উত্তোলনত বাধা প্ৰদান কৰাত বন্ধ হৈ আছে। ক্ৰমে এনেদৰে নাগালেণ্ডে চলাই অহা আগ্ৰাসনত চৰম নিৰাপত্তাহীনতা তথা পৰ্যাপ্ত সা-সুবিধাৰ পৰা বঞ্চিত সীমামূৰীয়া লোকসকলে আজিও বিভীষিকাৰ মাজত জীৱন অতিবাহিত কৰি আছে।
- Log in to post comments
- 104 views