নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্ভূক্ত নগাঁও জিলাৰ দক্ষিণ-পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ফুলগুৰি শাখা ছাত্ৰ সন্থাৰ সহযোগত ৰবিবাৰে ফুলগুৰিত বিশেষ সম্বৰ্ধনা
অনুষ্ঠান অনুষ্ঠিত হৈ যায় । এই উপলক্ষে ফুলগুৰি ৰাইজমেল ভৱনত আয়োজিত সভাত চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ আঞ্চলিকৰ এলেকাধীন শিক্ষানুষ্ঠানৰ মুঠ ৯৮ গৰাকী
ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় । দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক লৱকান্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিংঙে । সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি
সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে আজিৰ ছাত্ৰ-ছাত্ৰীসকলক কেৱল নম্বৰৰ পাছত
নদৌৰি সামাজিকভাৱেও দায়বদ্ধ হোৱাৰ সম্পৰ্কত ভাষণ প্ৰদান কৰে । দক্ষিণ-পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মৃদুল বৰুৱাই উদ্দেশ্য ব্যাখ্যা আৰু ফুলগুৰি শাখা ছাত্ৰ সন্থাৰ পল্লৱ শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য মৃদুল হাজৰিকা,সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অমৰ জ্যোতি ফুকন আৰু সাংবাদিক প্ৰাঞ্জল বৰদলৈ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।
সভাত সাংবাদিকদ্বয় ঋতু পৰ্ণ শৰ্মা আৰু জয়ন্ত মুদৈৰ লগতে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰি শংকৰ শইকীয়া, সাংগঠনিক সম্পাদক মনোজ কুমাৰ দাস,তথ্য সম্পাদক নিপন শৰ্মা,প্ৰচাৰ সম্পাদক ভাস্কৰ বৰা, প্ৰাক্তন ছাত্ৰ নেতা বিনয় কাকতি,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তুলেন্দ্ৰ পাটৰ আদি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি পংকজ জ্যোতি বৰাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত চলিত বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত অষ্টম স্থান প্ৰাপ্ত নিশিতা খাটনিয়াৰকে ধৰি ৬৬ গৰাকী আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৩২ গৰাকী কৃৰ্তীমানক মানপত্ৰ,ফুলাম গামোচা,গ্ৰন্থৰ টোপোলা আৰু ফাইল ক'ভাৰৰে অভিনন্দন জ্ঞাপন কৰা হয় । দিব্য জ্যোতি মেধিৰ পৰিচালনাৰে "পোহৰ বিচাৰি যাও" সমবেত সংগীতৰে আৰম্ভ হোৱা সভাত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী ছাত্ৰী প্ৰিয়া দৰ্শনা বৰাৰ আধুনিক গীতে উপস্থিত সকলোকে আপ্লুত কৰে । সভাত বেবেজীয়া আৰ্য্য জাতীয় বিদ্যালয়,বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়,দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়,জাগয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়,বেবেজীয়া ভোগেশ্বৰ হাজৰীকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়,ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়,শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়,ইম্পপেক্ট জুনিয়ৰ কলেজ,ডিমৌ
বেবেজীয়া জুনিয়ৰ কলেজ,ফুলগুৰি আৰু বৰক'লা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকে ।
- Log in to post comments
- 33 views