ৱাহিদুদ জামান,নগাঁও :
নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ তিনিচুকীয়া এ বি এম একাডেমী এণ্ড জুনিয়ৰ কলেজৰ উদ্যোগত আজি গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি পৰাৰ লগতে নবাগত আদৰণী সভা অনুষ্ঠান হয়। পুৱা পতাকা উত্তোলন কৰে একাডেমীৰ অধ্যক্ষ আইনুল হকে। বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰে একাডেমীৰ উপাধ্যক্ষ আজিজুৰ ৰহমানে। ১১ বজাৰ পৰা একাডেমীৰ মূখ্য উপদেষ্টা কাছেম আহমেদৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি নগাঁও জিলা পৰিষদৰ সভানেত্ৰী মুন মণি দাস বৰাই ছাত্ৰ- ছাত্ৰী সকলক নিজৰ লক্ষ্যত উপনিত হ'বৰ বাবে আন্তৰিকতাৰে অধ্যয়নত ব্ৰতী হ'বলৈ আহ্বান জনায়। সভাত অংশ গ্ৰহণ কৰি সমাজকৰ্মী নজৰুল ইছলামে কয় - ভিতৰুৱা অঞ্চলৰ ছাত্ৰী সকল প্ৰায়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ থাকে। এই ছাত্ৰী সকলক শিক্ষাৰ পোহৰ বিলাব পাৰিলেহে এই অঞ্চলসমূহৰ সমাজ ব্যৱস্থা সঠিক ভাবে পৰিচালিত কৰিব পৰা যাব।
সভাত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই কয় - সাধনাৰ জৰিয়তেহে ছাত্ৰ-ছাত্ৰী সকল সফল হ'ব পাৰে। সাম্প্ৰতিক সময়ৰ প্ৰতিযোগিতামূলক ব্যৱস্থাত ছাত্ৰ-ছাত্ৰী সকলে কঠোৰ পৰিশ্ৰমৰ জড়িয়তে অধ্যয়ন কৰা উচিত। জ্ঞানৰ প্ৰসাৰ হলেহে এখন সমাজ সুস্থ ৰূপত গঢ়ি তুলিব পৰা যায়। সভাত সমাজ সেৱিকা ছালমা জেছমিন, সমাজকৰ্মী নাজিৰ আহমেদ, গড়াজান জিলা পৰিষদৰ সদস্য ছেলিম জাভেদ, একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি মহিব উল্লাহ আদি উপস্থিত থাকে। এই সভাতেই গ্ৰীষ্মকালীন শিবিৰৰ লগত সংগতি ৰাখি অষ্টম, নৱম, দশম শ্ৰেণীৰ পৰীক্ষাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত একাডেমীৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৬ গৰাকী ছাত্ৰ- ছাত্ৰীক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয় ।
- Log in to post comments
- 9 views