ৰত্নপীঠ ক্ষেত্ৰত' বঙাইগাঁও জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

bgn

বঙাইগাঁওঃ 

বঙাইগাঁও জিলা সাহিত্য সভাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি বঙাইগাঁও চহৰৰ ৰত্নপীঠ ক্ষেত্ৰত অনুষ্ঠিত হয় ৷ জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসে সভাপতিত্ব কৰা সভাত জিলা সভাৰ সাংগঠনিক দিশ, শাখাৰ সক্ৰিয়তা,  জিলা সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশন, প্ৰকাশন উপ-সমিতি, নিৰ্বাচনী পৰিচালনা সমিতি গঠন, জিলা সভাৰ ৰূপালী জয়ন্তী সামৰণী সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয় ৷ জিলা সাহিত্য সভাৰ বৰ্ধিত সভাত অসম সাহিত্য সভাৰ সম্পাদক তথা ধুবুৰী আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক হেমেন চক্ৰৱৰ্তীয়ে সাহিত্য সভাই কৰি অহা কাম কাজৰ ওপৰত বক্তব্য ৰাখি সকলোকে অসমীয়া ভাষা জীয়াই ৰাখিবলৈ সংকল্প লোৱাৰ আহ্বান জনায় ৷ আনহাতে ৰাজ্য ভাষা আৰু মাতৃভাষা উপ সমিতিৰ আহ্বায়ক ধীৰেন্দ্ৰ অধিকাৰীয়ে ৰাজ্য ভাষা আৰু মাতৃ ভাষা প্ৰয়োগত সকলোৱে আগুৱাই আহি মাতৃভাষাৰ লগতে ৰাজ্যিক ভাষাৰ ক্ষেত্ৰত কঠোৰ হৈ অসমত ৰাজ্যিক ভাষা প্ৰয়োগৰ ওপৰত বিশেষ গুৰুত্বাৰোপ কৰে ৷ সভাত সাহিত্য কৰ্মী, চাপৰ ৰত্নপীঠ কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তৰণী কান্ত ৰায়, কেন্দ্ৰীয কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায়,  জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অশ্বিনী দাস, প্ৰাক্তন সম্পাদক অমৰেন্দ্ৰ বৰুৱা সহ শাখা সাহিত্য সভাৰ নেতৃত্বই আলোচনাত ভাগ লয় ৷

ইপিনে জিলা সাহিত্য সভাৰ এই বৰ্ধিত সভাতে পৰৱৰ্তী কাৰ্যকালৰ পদবী বাচনিৰ এক নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰে ৷ একেদৰে জিলা সাহিত্য সভাৰ পৰৱৰ্তী দ্বাদশ পূৰ্ণাংগ অধিৱেশনখনি চোকাপাৰাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় ৷ সভাই শাখা সক্ৰিয়কৰণ আৰু নতুন শাখা গঠনতো বিশেষ গুৰুত্বাৰোপ কৰে ৷ একেদৰে বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ৰূপাঞ্জলী দেৱীক আহ্বায়ক হিচাপে লৈ এখনি প্ৰকাশন সমিতি গঠন কৰা হয় বুলি জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ কুমাৰ পাঠকে জানিবলৈ দিছে ৷

Your Comments