বঙাইগাঁওঃ
বঙাইগাঁও জিলাৰ প্রধান নদীসমূহৰ ক্ৰমাৎ নিম্নগামী জলস্তৰৰ পৰিপ্ৰেক্ষিতত ক্রমাগতভাৱে জিলা়খনৰ বান পৰিস্থিতি উন্নত হোৱা দেখিবলৈ পোৱা গৈছে। বর্তমান বঙাইগাঁৱৰ তিনিখন প্রধান নদী ক্ৰমে আই, আই-মানহ আৰু ব্রহ্মপুত্রৰ জলস্তৰ বিপদ সীমাৰ তলেৰে বৈছে ৷ জিলাখনৰ বিজনী ৰাজহ চক্ৰৰ বান পৰিস্থিতি উপশম হোৱাৰ পাছতেই সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চলসমূহৰো বান পৰিস্থিতি শাম কটা দেখিবলৈ পোৱা গৈছে। যোৱা ২৪ ঘণ্টাৰ ভিতৰত সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত গাঁৱৰ সংখ্যা ৪০ খনৰ পৰা ২০ খনলৈ হ্ৰাস পাইছে। কিন্তু দুর্ভাগ্যজনক কথা এনে যে জিলাখনৰ বইটামাৰী ৰাজহ চক্ৰ এলেকাৰ বান পৰিস্থিতি এতিয়াও একেই আছে । ইপিনে বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাৰ বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও বানপানীৰ শেষত দেখা দিয়া খহনীয়াৰ সমস্যাৰ পৰা এতিয়াও অঞ্চলতো মুক্ত হ'ব পৰা নাই। যোৱা ২৪ ঘন্টাৰ ভিতৰত বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং বাশবাৰী, ৩ নং জাৰাগুৰি আৰু ৫ নং জাৰাগুৰি গাঁও তিনিখন গঢ়খহনীয়াৰ কৱলত পৰিছে আৰু মুঠ ১৫ টা পৰিয়ালৰ ঘৰ-বাৰী উছন হোৱা বুলি তথ্য পোৱা গৈছে ৷
আনহাতে বঙাইগাঁও জিলা প্রশাসনে জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ স্বাভাৱিক অৱস্থালৈ আনিবলৈ সকলো সম্ভৱপৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বর্তমানে চৰকাৰৰ তৰফৰ পৰা বানত হোৱা ক্ষয়-ক্ষতি সমূহ যাতে সোনকালে পুনৰুদ্ধাৰ তথা মেৰামতিৰ প্রক্রিয়া আৰম্ভ কৰিব পাৰে তাৰ বাবে জিলাৰ অন্তৰ্গত মথাউৰি ,দলং, ৰাস্তা ইত্যাদিৰ ক্ষয় ক্ষতিৰ জৰীপ পূৰ্ণদ্যমে চলি আছে । দণ্ডাধীশসকলে বানত ক্ষতিগ্রস্ত এলাকাসমূহ পৰিদর্শন কৰি বানত হোৱা ক্ষয় আৰু ক্ষতিৰ সঠিক মূল্যায়ণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ সেইদৰে জিলাখনৰ বান পৰিস্থিতি যিহেতু সম্পূৰ্ণভাৱে নিৰ্মূল হোৱা নাই , সেয়েহে বৰ্তমানেও জিলাখনত কার্যকৰী হৈ থকা সাহায্য শিবিৰৰ যোগেদি বানপীড়িৰ মাজত বান সাহায্য বিতৰণ কৰি থকা হৈছে । ইয়াৰ উপৰিও ২৬টা চিকিৎসকৰে দলে সাহায্য শিবিৰৰ ওচৰে পাজৰে অস্থায়ীভাৱে থাকি আশ্ৰয় শিবিৰ আৰু কেন্দ্রবিলাকত থকা বানাক্ৰান্ত লোক আৰু জীৱজন্তুক প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াই আছে।
জন স্বাস্থ্য কাৰীকৰী বিভাগৰ তৰফৰ পৰা বিশুদ্ধ খোৱা পানীৰ বাবে টিউবেল বহুৱাৰ লগতে হেল'জেন টেবলেট আৰু ব্লেছিং পাউদাৰ বিলাই থকা হৈছে। জিলা সমাজকল্যাণ বিষয়াইও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি শিশু আৰু মাতৃৰ উপযুক্ত খাদ্যৰ যোগান সুনিশ্চত কৰাৰ লগতে ক্ষয়- ক্ষতি হোৱা অংগনবাড়ী কেন্দ্ৰসমুহৰ জৰীপ অব্যাহত ৰাখিছে। একেদৰে জিলা কৃষি বিষয়াইও ক্ষতিগ্ৰস্ত খেতিয়কৰ জৰীপ চলাই আছে , যাতে সময়মতে খেতিয়কক প্ৰয়োজনীয় সহায় আগবঢ়াব পৰা যায় ৷ এইক্ষেত্ৰত জিলা উপায়ুক্ত আদিল খানৰ নেতৃত্বত আৰু নিৰীক্ষণত এই সকলোবোৰ প্ৰচেষ্টা সুকলমে আৰু পূৰ্ণদ্যমে চলি আছে।
- Log in to post comments
- 13 views