গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
আজি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বিদ্যাপুৰত অনুষ্ঠিত হয় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)ৰ গোলাঘাট জিলা সমিতিৰ ষষ্ঠ বাৰ্ষিক সাধাৰণ সভা। হাজাৰৰো অধিক লোকৰ উপস্থিতিত সাধাৰণ সভাখন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'য়। গোলাঘাটৰ অতিকৈ সংবেদনশীল নাগালেণ্ডৰ সীমামূৰীয়া বিদ্যাপুৰ খেলপথাৰত অনুষ্ঠিত সভাত প্ৰথমদিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে আমছুৰ জিলা সমিতিৰ সভাপতি কাদিৰ আলীয়ে। পুৱা ৯.৩০ বজাত শ্বহীদ বেদীত তৰ্পণ কৰে জিলা সমিতিৰ সম্পাদকদ্বয় ইছাদ হুছেইন আৰু বাবুল আলী হাজৰিকাই। দিনৰ ১ বজাত অনুষ্ঠিত হ'য় প্ৰতিনিধি সভা। একেদৰে আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'য় সাংস্কৃতিক অনুষ্ঠান আৰু পৰবৰ্তী অনুষ্ঠান ৰূপে দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা । মুকলি সভাত সভাপতিত্ব কৰে গোলাঘাট জিলা আমছূৰ সভাপতি কাদিৰ আলীয়ে। মুখ্য অতিথিৰূপে উপস্থিত থাকে সদৌ অসম আমছুৰ ৰাজ্যিক সভাপতি ৰেজাউল কৰিম সৰকাৰ। লগতে সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমান, জেষ্ঠ সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী অপূৰ্ব্ব বল্লভ গোস্বামী, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° প্ৰণৱ ঢেকিয়াল ফুকন। নিমন্ত্ৰিত অতিথি ৰূপে থাকে আমছুৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, আমছুৰ সাধাৰণ সম্পাদকসকল ক্ৰমে আব্দুৰ ৰহমান বিশ্বাস, ইমিতিয়াজ হুছেইন, মোছাৰফ হুছেইন কবিৰ, মিন্নাতুল ইছলাম, আমছুৰ বিত্ত সম্পাদক আলহাজ বিতুল আমিন, সহ সম্পাদক ছফি আলম খান আৰু যোৰহাট, শিৱসাগৰ, চৰাইদেউ,ডিব্ৰুগড়, তিনিচুকীয়া, কলিয়াবৰ জিলা আমছুৰ সভাপতি-সম্পাদক আদি।
- Log in to post comments
- 18 views