মৰিগাঁৱৰ পৰা জিতুমণি নাথ
বানে বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰা মৰিগাঁও জিলাৰ বানপীড়িত অঞ্চলসমূহত জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ বিশেষ অনুৰোধত আজি ভাৰতীয় সেনাবাহিনীৰ ৩ নং শিখ ৰেজিমেণ্টে বন্যাৰ্তৰ মাজত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে ঔষধ বিতৰণো কৰে। মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত উদৰি হাইস্কুলত সেনাবাহিনী দ্বাৰা অনুষ্ঠিত স্বাস্থ্য শিবিৰত সেনাবাহিনীৰ ৪ জন চিকিৎসকৰ লগতে স্থানীয় এজন চিকিৎসক আৰু নাৰ্ছে চিকিৎসা সেৱা আগবঢ়ায়। জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ বিশেষ তত্ত্বাৱধানত অনুষ্ঠিত সেনাবাহিনীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰটোত উদৰি অঞ্চলৰ তিনি শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ লাভ কৰে। তদুপৰি জিলা খনৰ ভিতৰুৱা অঞ্চল ভূৰাগাঁও আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত কলিয়াজাৰি, নিজ গেৰুৱা, শিলডুবি, কাঠনি আদি কেইবাটাও অঞ্চলৰ বানপীড়িতসকলক সেনাবাহিনীৰ ৩ নং শিখ ৰেজিমেণ্টৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়।
- Log in to post comments
- 11 views