যিকোনো সময়তে অসমত হ'ব পাৰে ডাঙৰ ভূমিকম্প ! কেন্দ্ৰীয় ভু-বিজ্ঞান মন্ত্ৰীয়ে সংসদত দাখিল কৰিলে  ভয়ংকৰ তথ্য

vumikampa

নিউজ ডেস্ক :
সাৱধান! বানপানীৰ পাছত এইবাৰ বৰভূঁইকত কঁপিব পাৰে ৰাজ্য।কেন্দ্ৰীয় ভু-বিজ্ঞান মন্ত্ৰী হৰ্ষবর্ধণে লোকসভাত দাখিল কৰা এক তথ্যত প্ৰকাশ পাইছে এই ভয়ংকৰ খবৰ।মন্ত্ৰী গৰাকীয়ে লোকসভাত দাখিল কৰা তথ্য অনুসৰি প্ৰতিবছৰে ৫ ছেন্টিমিটাৰকৈ উত্তৰ-পূব মুখী হৈছে 'ইণ্ডিয়ান প্লেট'। 

মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য অনুসৰি বিগত চাৰে তিনিবছৰত উত্তৰ-পূবত অনুভূত হৈছে ৩১৯টাকৈ ভূমিকম্প।তাৰে ৯১টাৰে অভিকেন্দ্ৰ আছিল অসম ।

উল্লেখ্য যে যোৱা ১৯আৰু ২০জুলাইত অনুভূত হৈছে চাৰিটাকৈ জোকাৰণি।

Your Comments