নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
জামুগুৰি । নগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত এখনি ইতিহাসপ্ৰসিদ্ধ স্থান । ইয়াতেই অৱস্থিত "সাৰ্বজনীন গৰখীয়া থান " খনি প্ৰায় ৩৫০ বছৰ পুৰণি । এই থানতে প্ৰতিবছৰে শাওন মাহত "শৰাই এদিন"আৰু "গৰখীয়া সৱাহ" উৎসৱৰ আয়োজন কৰি আহিছে । চলিত বৰ্ষত এই উৎসৱে ২৫সংখ্যক বছৰত পদাৰ্পণ কৰিছে । এই উদ্দেশ্যে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উৎসৱটি আৰম্ভ হৈছে । শনিবাৰে পুৱা গৰখীয়া থানৰ মণিকূটত বন্তি প্ৰজ্বলনৰে উৎসৱৰ শুভাৰম্ভ কৰে থানঘৰীয়া টংকেশ্বৰ নাথে ।
ইয়াৰ পাছতে থানৰ চৌহদ প্ৰাংগনৰ পৰিৱেশ নিকাকৰণ কৰা হয় । নিকাকৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ধনীৰাম নাথ,মমীন নাথ,ধেনুৰাম নাথ,গোলাপ নাথ আৰু প্ৰবীন নাথে । ইয়াৰ পাছতে ধৰ্মধ্বজা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে উৎসৱ উদযাপন সমিতিৰ সভাপতি গম্ভীৰ নাথ আৰু সেৱক নৰেন্দ্ৰ নাথে । খোল-নাম প্ৰসংগ পৰিচালনা কৰে হেমকান্ত নাথ গায়নে ।বিয়লি ভাগৱতৰ "একাদশ স্কন্ধ"ৰ পাঠ উদ্বোধন কৰে বৰজামুগুৰিৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী ঘন বৰুৱাই । ভাগৱত পাঠ কাৰ্যসূচীত সান্দহখোৱাৰ নাৰায়ণ নাথ,জামুগুৰিৰ নৰেন্দ্ৰ নাথ,দীঘলদৰিৰ মধু নাথ আৰু মহাদেউ শালৰ হোমেশ্বৰ নাথে ব্যাখ্যাকাৰ ৰূপে তথা বেবেজীয়াৰ বিনন্দ চন্দ্ৰ বৰদলৈ, সান্দহখোৱাৰ ধনীৰাম নাথ, বেবেজীয়াৰ মমীন বৰদলৈ,সৰাগাঁৱৰ অনিল নাথ,বৰজামুগুৰিৰ দিব্যজ্যোতি(দাদু) নাথ,বামগাঁৱৰ ভদ্ৰকান্ত নাথ,গেদাৰবড়িৰ বিৰাজ বৰুৱা,ভোগেশ্বৰ শইকীয়া তথা নগাঁৱৰ ভদ্ৰ বৰা আৰু চেনাই শইকীয়াই পাঠকৰূপে অংশগ্ৰহণ কৰে ।
সন্ধ্যা সমূহীয়া বন্তি প্ৰজ্বলন কৰা হয় । উল্লেখযোগ্য যে আজিৰ দিনটোৰ সমূহ কাৰ্য্যসূচীৰ আঁত ধৰে গম্ভীৰ নাথ আৰু ধেনুৰাম নাথে ।ইফালে দেওবাৰে পুৱা ভাগৱত পাঠৰ অন্তত সেৱকী সকলে আগবঢ়োৱা শৰাই উৰ্চগা কৰাৰ পাছতে খোল-নাম প্ৰসংগ কৰা হ'ব । দুপৰীয়া নগাঁও আৰু মৰিগাঁৱৰ আমন্ত্ৰিত বিশিষ্ট নামতীৰ মহানামৰ সামৰণিৰে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হ'ব বুলি উৎসৱ উদযাপন সমিতিৰ সম্পাদক ৰোহিত চন্দ্ৰ নাথে NewsASNক জনাইছে । শনিবাৰৰ কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক ভক্তিপ্ৰাণ ৰাইজ উপস্থিত থকাৰ লগতে সাৰ্বজনীন গৰখীয়া থানত ধূপ-বন্তিয়ো প্ৰজ্বলন কৰে ।
- Log in to post comments
- 58 views