বানত বিধ্বস্ত বক্সাৰ পথ দলং: জীয়াতু ভুগিছে সৰ্বসাধাৰণ ৰাইজে 

bajali

বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :

অসমৰ বহু অঞ্চল  বানপানীয়ে বুৰাই ৰখাৰ  সময়তে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ পাটলাৰ পৰা কুৰিবিললৈ যোৱা পথটোৰ ডাঙৰ কালভাৰ এটাৰ কিছু অংশ খহি যোৱাৰ লগতে কিছু হালি পৰা পৰিলক্ষিত হয়।bazali2

উল্লেখ্য যে এই কালভাৰটো বনাবলৈ বেছি দিন হোৱাই নাছিল যদিও এতিয়া এনেকৈ হাউলি পৰাত সাধাৰণ ৰাইজে নিজেই কিছু মেৰামতি কৰি বিপদ সংকুল ভাবেই এতিয়া অহা যোৱা কৰিবলৈ বাধ্য হৈছে। ৰাইজে তাৎক্ষণিক ভাৱে খহি যোৱা অংশ মেৰামতি কৰি পথটো যাতায়তৰ সুচল কৰি দিবলৈ এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছে।

Your Comments