বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ নোনা নৈ আৰু কামৰূপ জিলাৰ বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত বুৰবুৰী গাঁৱৰ পূব প্ৰান্তৰ প্ৰায় ত্ৰিশটা বন্যাৰ্ত পৰিয়াল বানত আৱদ্ধ হোৱাৰ লগতে তীব্ৰ খাদ্য সংকটত পৰিছে। বিগত প্ৰায় ১০-১২ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত নোনা নৈৰ বাঢ়নী পানী উক্ত অঞ্চলত সোমাই যায়। এতিয়া অঞ্চলবাসী লোকসকলৰ আৱাস, গোহালি ঘৰ, চোতাল, বাৰী-বস্তি বাঢ়নী পানীয়ে প্লাৱিত কৰিছে। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বানপীড়িত সকলো জিলাতে বান আক্ৰান্তসকলক তৎকালীনভাৱে খাদ্য, খোৱাপানী যোগান তথা চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো ঘগ্ৰাপাৰৰ বুৰবুৰীৰ বন্যাৰ্তই পাঁচদিনে বানত ককবকাই আছে। বুৰবুৰীবাসীক প্ৰশাসনে সাহায্য সামগ্ৰী প্ৰদান নকৰাত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। তেওঁলোকে অভিয়োগ কৰে যে স্থানীয় প্ৰশাসনে বানপীড়িত উক্ত লোকসকলৰ বাবে কোনো ধৰণৰ খাদ্য-সামগ্ৰী যোগান ধৰা নাই। আনকি আজি পৰ্য্যন্ত খা-খবৰো লোৱা নাই।
তেনে সময়তে আজি ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাসহ এটি সজাঁতি দলে বুৰবুৰী গাঁৱৰ এইসকল বানপীড়িতৰ ওচৰত থিয় দি সকলো প্ৰকাৰৰ সাহায্য প্ৰদান আৰু স্থানীয় প্ৰশাসনক বানাক্ৰান্তৰ ক্ষয় -ক্ষতিৰ বিষয়ে অৱগত কৰিব বুলি জানিবলৈ দিয়ে। আনহাতে, বুৰবুৰীত নোনা নৈৰ খহনীয়াইও অঞ্চলটোৰ ৰাইজক শংকিত কৰি তুলিছে।
- Log in to post comments
- 45 views