ব্ৰহ্মপুত্ৰ, জীয়াভৰলী আৰু ঘিলাধাৰীৰ বাঢ়নী পানীয়ে বুৰালে জামুগুৰিৰ বিস্তীৰ্ণ অঞ্চল 

jamuguri

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন :

বৃহত্তৰ জামুগুৰিৰ বিস্তীৰ্ণ অঞ্চল বৰ্তমান পানীৰ তলত । অঞ্চলটোৰ গটাইমাৰী, ননকে গটাইমাৰী, ভৰলী চাপৰি, দীঘলী চাপৰি, লালটাপু, কাছমাৰী, খলিহামাৰী, পাণপুৰ, মালবস্তি, গমিৰিপাল, বটিয়ামাৰী, পাৰৈ পাল, চিতলমাৰী,  ভৰৱী, মকুৱা চাপৰি, আকবৰ টাপু, বালি চাপৰিকে ধৰি একাধিক  অঞ্চল সম্প্ৰতি জলমগ্ন । jamu

যোৱা কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণৰ ফলত  ব্ৰহ্মপুত্ৰ, জীয়া ভৰলী আৰু ঘিলাধাৰী নদীৰ বাঢ়নী পানীয়ে উক্ত অঞ্চলসমুহ বুৰাই পেলোৱাত হাহাকাৰ লাগিছে গঞা ৰাইজৰ মাজত । ইতিমধ্যে বানপীড়িত ৰাইজে পানীৰ মাজত খেতি, ঘৰ-বাৰী এৰি গৰু-ছাগলী আদি পোহনীয়া জীৱ-জন্তু কেইটা লগত লৈ গড়কাপ্টানী পথ, মথাউৰি, স্কুলকে ধৰি নিৰ্মীয়মান চাৰিলেনযুক্ত পথত আশ্ৰয় লোৱা দেখা গৈছে । ইফালে বানপীড়িত ৰাইজক সহায়ৰ বাবে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছে ।

Your Comments