বিলাসীপাৰাত  জাপানীজ এনকেফেলাইটিছ  ৰোগত আক্রান্ত হৈ এজন মৃত্যু   

bilashipara

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন :

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বিলাসীপাৰা ১৩ নম্বৰ ৱাৰ্ডত জাপানীজ  এনকেফেলাইটিচ ৰোগত আক্ৰান্ত হৈ  যোৱা কালি ৰাঁধা ৰোমন সুএধৰ নামৰ এজন লোকৰ মৃত্যু হয়।স্থানীয় ৰাইজে জনোৱা  অনুসৰি ইয়াৰ পূৰ্ব্বতেও বিলাসীপাৰা ১৩ নন্বৰ  ওৱাৰ্ডৰ বহুকেইজন লোক জাপানীজ  এন কেফেলাইটিচ ৰোগত ভুগি  মৃত্যু হৈছিল। আৰু যোৱাকালি মৃত্যুবৰণ কৰা ৰোমন সূত্ৰধৰ শেহতীয়া সংযোজন হে।উল্লেখ্য  যে  বিগত ২০১১ চনত পৰা অঞ্চলটোৰ ৰবি সূত্ৰধৰে জাপানীজ  এনকেফেলাইটিচ  বেমাৰত ভুগি আছে  ,২০১৭ চনত লিপি কৰ্মকাৰ ,২০১৮ চনত সুভাষ ঘোষ জাপানীজ এন কেফেলাইটিচ ৰোগত আক্ৰান্ত হৈ  মৃত্যু হৈছে।  এই সন্দৰ্ভত  স্বাস্থ্য বিভাগৰ  চিকিৎসা বিষয়াই ৰাইজক অৱগত কৰা মতে অঞ্চলটোত যথেষ্ট পৰিমানৰ গাঁহৰী থকাৰ বাবে জাপানিজ এনকেফেলাইটিচ ৰোগৰ প্ৰাদুৰ্ভাৱ অঞ্চলটোত বেছি।bla

মনকৰিবলগীয়া যে  বিলাসীপাৰা ১৩ নন্বৰ ৱাৰ্ডৰ নলা -নৰ্দ্দমা সমূহ গেলা-পচা পানীৰে ভৰপুৰ হৈ থকাৰ ফলত অঞ্চলটোৰ পাৰিপাৰ্শ্বিক বাতাবৰণ সংঘটিক ধৰণে প্ৰদূষিত হৈ পৰিছে। ইফালে অঞ্চলটোত গাহৰি প্ৰতিপালন কৰা ব্যক্তিও বহু আছে। যি সকলে অবিজ্ঞান সন্মত ভাবেই পালন কৰি আহিছে গাহৰি। এতিয়া এনে গাহঁৰিৰ ফাৰ্ম সমূহ উঠাই দিয়াৰ বাবে স্বাস্থ্য বিভাগৰ মন্ত্ৰী  ডঃ  হিমন্ত বিশ্ব শৰ্মাৰ  ওচৰত দাবী জনাইছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিলাসীপাৰা আঞ্চলিক  কমিটিৰ সভাপতি ৰাজু  সৃত্রধৰ, সম্পাদক নাৰায়ন চৌধুৰীকে ধৰি স্থানীয় ৰাইজে।

Your Comments

Related Articles