বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন :
নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ- চক্ৰৰ অন্তৰ্গত শগুনমাৰী গাঁও পঞ্চায়তত ধুবুৰী জিলা কংগ্ৰেছৰ ইয়ং ব্ৰিগেড সেৱা দলৰ যুৱ মৰ্চাৰ সভাপতি শগুনমাৰী গাঁও পঞ্চায়তৰ সভাপতি আটোৱাৰ হুছেইনে পঞ্চায়ত খনৰ চুকে-কোনে পৰিদৰ্শন কৰি আজি বানাক্ৰান্ত ৰাইজৰ মাজত চিৰা, মুড়ী , মিঠাই ,আদিকে ধৰি বিভিন্ন ধৰণৰ খাদ্য আৰু সা -সামগ্ৰী বিতৰণ কৰে ।মন কৰিবলগীয়া যে বিগত ৭-১০ দিন ধৰি নেৰানেপৰা বৰষুণৰ ফলত বানাক্ৰান্ত ৰাইজে নিজৰ গৃহৰ পৰা ৰাস্তাত , হাটে-ঘাটে ওলোৱাত অসুবিধা সন্মূখীন হোৱাৰ কাৰণে হুছেইনে তেওঁলোকৰ মাজত ছাতিও বিতৰণ কৰে ।
পঞ্চায়তখনৰ বানাক্ৰান্ত ৰাইজৰ ক্ষয়- ক্ষতি হোৱা জীৱ- জন্ত , পুখুৰীৰ মাছ আদিকে ধৰি সকলো ধৰণৰ ক্ষতিপুৰণ আগবঢ়াবলৈ অসম চৰকাৰক দাবী জনাই শগুনমাৰী গাঁও পঞ্চায়তৰ সভাপতি আটোৱাৰ হুছেইনে।
- Log in to post comments
- 2 views