অপহৰণৰ ১৫ টা দিনৰ পিছতো কন্যাৰ সন্ধান নাই:আৰক্ষীৰ সঁহাৰি নাপাই সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পিতৃ 

hojai

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

যোৱা ২৯ জুনৰ ঘটনা। লংকাৰ দক্ষিণ লস্কৰপথাৰত কলেজৰ পৰা ঘৰলৈ আহি থকাৰ পথত  আব্দুল হামিদ নামৰ ব্যক্তিজনৰ কন্যা আপৰুজা বেগম হঠাৎ অন্তৰ্ধান হৈ পৰে।ইফালে,বহুসময় ধৰি ছাত্ৰীগৰাকী ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ।বহু ঠাইত বিচাৰ-খোচাৰ কৰিও পৰিয়ালে সন্ধান লাভ নকৰিলে ছাত্ৰীগৰাকীৰ।পিছত দুজন যুৱকে এখন গাড়ীত উঠাই অপহৰণ কৰি নিয়াৰ কথা প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পাৰি দুই যুৱক ক্ৰমে ৰিবুল হুছেইন আৰু আবুল হুছেইনৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত যোৱা ৩ জুলাইত অপহৰণ সংক্ৰান্তত ২৯৯/১৯ নম্বৰত ভাৰতীয় ‌দণ্ডবিধি আইনৰ ৩৬৩/৫০৬ ধাৰাত গোচৰ ৰুজু কৰে ।

উল্লেখ্য যে আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পিছতেই লংকা থানাৰ এগৰাকী এচআইয়ে গোচৰটোৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যদিও ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আৰক্ষী বিষয়াজনক বদলি কৰাত গোচৰৰ তদন্ত স্থবিৰ হৈ পৰে।ইয়াৰ পিছত দুৰ্ভগীয়া পিতৃয়ে শীৰ্ষ আৰক্ষী বিষয়াৰ ওচৰতো অপহৰণ সংক্ৰান্তত অৱগত কৰাইছে যদিও বৰ্তমানলৈ কোনো সুফল লাভ কৰা নাই।

ঘটনাৰ ১৫ টা দিন অতিক্ৰম কৰাৰ পিছত উপায়ন্তৰ হৈ ন্যায়ৰ অাশাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপে দুৰ্ভগীয়া পিতৃগৰাকী ।

Your Comments