লাহৰীঘাটৰ তিনিচুকীয়াত মথাউৰি ছিঙি প্লাবিত ন ন অঞ্চল: জলবন্দী হেজাৰ হেজাৰ পৰিয়াল

lahari

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম

মাত্ৰ তিনি দিন পূৰ্বে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰি কছাৰী গাৱত ৰিং বান্ধ ছিঙি অৰ্ধ শতাধিক গাঁৱত ভয়াবহ বানপানীয়ে বিস্তৰ ক্ষতি সাধন কৰাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি আকৌ সমীপবৰ্তী তিনিচুকীয়াত নৱ নিৰ্মিত মথাউৰি আজি পূৱাতে ছিগি পুনৰ জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল ।

  ঠিকাদাৰে প্ৰশাসন-জলসম্পদ বিভাগৰ বৰমূৰীয়াসকলক মেনেজ কৰি অতি নিম্নমানৰ কাম কৰাৰ বাবেই   ৰাইজৰ দূখ কুলাই পাচিয়ে নধৰা হ’ল বুলি ভুক্তভোগী জনতাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ইতিমধ্যে বানত বহু লোকৰ ঘৰ-বাৰী উটি যোৱাৰ লগতে চৰকাৰী বিদ্যালয় গৃহ, বহু ঠাইত দলঙৰ মূৰ, গড়কাপ্তানি পথ খহাই নিয়াত যাতায়ত ব্যৱস্থা ব্যাহত হৈ আছে। ইপিনে বানাক্ৰান্তসকলক উদ্ধাৰ কৰিবলৈ প্ৰশাসনে SDRF , NDRF বাহিনীৰ ব্যৱস্থা কৰিছে যদিও SDRF,NDRF বাহিনীৰ দল বানাক্ৰান্ত অঞ্চলৰ তুলনাত পৰ্যাপ্ত নোহোৱাত এতিয়াও বহু লোক নিজ গৃহত জলবন্দী হৈ আছে বুলি জানিব পৰা গৈছে। চৰকাৰ-প্ৰশাসনক অতিশীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।

Your Comments