বঙাইগাঁওঃ
চিৰাং জিলাৰ বিজনীত শনিবাৰে চিৰাং আৰক্ষীয়ে অতৰ্কিতে এক অভিযান চলায় ৷ বিজনী থানাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিয়ালমাৰী দহলাপাৰাস্থিত টোল গেটত চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনি জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । জব্দকৃত ড্ৰাগছৰ মূল্য প্ৰায় দহ লক্ষাধিক টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে দুপৰীয়াৰ ভাগত ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক তিনিজন বিজনী কাৱাটিকাৰ ইক্ৰামুল হুচেইন(১৯), বৰপেটাৰ যোগীৰপামৰ মোজাম্মিল খান (৩৮) আৰু বৰপেটাৰ দেউৰিকুছিৰ ৰবিউল ইছলাম(৩০) । আৰক্ষীয়ে যুৱক তিনি জনে ব্যৱহাৰ কৰা এএছ-১৫ এন ৩২৪৭ নম্বৰৰ হোণ্ডা ইয়ন গাড়ী এখনৰ পৰা এই ড্ৰাগছখিনি উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে প্ৰায় ১০০ গ্ৰাম ওজনৰ ব্ৰাউনছুগাৰ নামৰ ড্ৰাগছখিনিৰ লগতে যুৱক তিনিজনৰ পৰা ৬খন এটিএম কাৰ্ড, ৪ টা মোবাইল ফোন আৰু বহুতো আপত্তি জনক নথি পত্ৰও উদ্ধাৰ কৰে ৷
উল্লেখ্য যে যুৱক তিনিজনে বাহনখনেৰে বৰপেটাৰ দিশৰ পৰা আহি থকা অৱস্থাত বিজনী শিয়ালমাৰীৰ দহলাপাৰাস্থিত ৰাষ্ট্ৰীয় ঘাই পথৰ টোল গেটত বাহনসহ যুৱক তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতিৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত ঢালিগাওঁ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰা আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক কুমাৰ বৰাৰ সহযোগত এই অভিযান চলাই আৰক্ষীয়ে সফলতা লাভ কৰে ৷ আৰক্ষীয়ে যোৱা এমাহত চিৰাং জিলাত বিভিন্ন ঠাইত অভিযান চলাই বহুকেইজন ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।
- Log in to post comments
- 5 views