ৱাহিদুদ জামান,নগাঁও:
বিগত বৰ্ষৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংস ভাৱে হত্যা কৰিছিল গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসক । এই হত্যাকাণ্ডৰ গোচৰত শেহতীয়াকৈ ভাষ্য সলনি কৰা দুজনকৈ চাক্ষুষ সাক্ষী নোমল বসুমতাৰী আৰু উজ্বল মেঁচক যোৱা ২৯ জুনত নগাঁও আদালতত ক্ৰছ একজামিনেছন কৰাৰ পিছত দুয়োকে নগাঁও আদালতে হোষ্টাইল ঘোষণা কৰিছিল। শুকুৰবাৰে আন এজন সাক্ষী দীপেন ৰংপিকো ক্ৰছ একজামিনেছন কৰাৰ অন্তত ভাষ্য সলনিৰ স্থিতিত অটল থকাৰ বাবে নগাঁৱৰ জিলা ও সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতে তেওঁকো হোষ্টাইল ঘোষণা কৰে। এইদৰে তদন্তকাৰী আৰক্ষীক অংগুষ্ট প্ৰদৰ্শন কৰি এজনৰ পিছত আনজন সাক্ষীয়ে আৰক্ষীৰ আগত দিয়া ভাষ্য সলনি কৰাক লৈ এতিয়া শংকিত হৈ পৰিছে অভি-নীলৰ পিতৃ-মাতৃ।
। উল্লেখ্য যে, অভি-নীল হত্যাকাণ্ডৰ গোচৰটোৰ সন্দৰ্ভত আদালতে এতিয়ালৈকে মুঠ ১৯ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰে। অভি-নীল হত্যাকাণ্ডৰ গোচৰটোৰ সন্দৰ্ভত শুকুৰবাৰে শুনানি আছিল। শুকুৰবাৰে সাক্ষ্য গ্ৰহণ কালত আদালতত ভুক্তভোগী অভি-নীলৰ পিতৃ ক্ৰমে অজিত নাথ আৰু গোপাল চন্দ্ৰ দাস উপস্থিত আছিল। শুনানি কালত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা কাৰ্যত গোচৰীয়া পক্ষৰ হৈ চৰকাৰী অধিবক্তা জে কামাৰ আৰু অভিযুক্ত পক্ষৰ হৈ অধিবক্তা মানস শৰনীয়া উপস্থিত থাকে। গোচৰটোৰ সন্দৰ্ভত আদালতে অহা ২৩ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। মনকৰিবলগীয়া যে, আজি পুৱাই নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অভি-নীল হত্যাকাণ্ডৰ ৪৯ গৰাকী অভিযুক্তক কটকটীয়া নিৰাপত্তাৰ মাজেৰে নগাঁও আদালতত হাজিৰ কৰোৱা হয়। আদালতলৈ অনাৰ সময়ত এই অভিযুক্ত সকলৰ মুখত আন দিনাৰ দৰে এইবাৰো তিলমাত্ৰও অনুসুচনাৰ ভাৱ প্ৰকাশ কৰা পৰিলক্ষিত নহ'ল। ইপিনে, ভাষ্য সলনি কৰা দুই সাক্ষী ক্ৰমে নোমল বসুমতাৰী আৰু উজ্জ্বল মেচৰ বিৰুদ্ধে নীলৰ পিতৃ গোপন চন্দ্ৰ দাসে নগাঁও আদালতত এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 31 views