গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
বানপানীৰ কবলত পৰা সমগ্ৰ অসমৰ লগতে গোলাঘাটতো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। শুকুৰবাৰে পুৱাৰ ভাগত গোলাঘাটৰ কমাৰগাওঁ অঞ্চলৰ হাঁহচৰাত বাঢ়নী পানীত পৰি মৃত্যু হয় দুজনকৈ লোকৰ। হাঁহচৰা নিবাসী সাগৰ ভূঞা (৬৫) আৰু অমৃত হাজৰিকা (২৩) নামৰ ব্যক্তি দুজনে ঘাঁহ কাটিবলৈ বুলি বাঢ়নী পানীত নাও লৈ ওলাই যাওঁতে নাৱৰ পৰা পৰি মৃত্যু হয়।
পিছত কমাৰগাওঁ আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰায় ১৫-১৬ ফুট পানীৰ গভীৰৰ পৰা সাগৰ ভূঞাৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে অমৃত হাজৰিকাৰ মৃতদেহ ১২ ফুট গভীৰৰ পৰা উদ্ধাৰ কৰে। পুৱাৰ ভাগত সংঘটিত এই দুৰ্ঘটনাৰ বাবে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।
জানিব পৰা মতে, অমৃত এজন প্ৰতিভাসম্পন্ন খেলুৱৈ আছিল। উল্লেখ্য যে গোলাঘাটত বছৰৰ প্ৰথমটো বানত মৃত্যু হোৱা এয়া প্ৰথম ঘটনা।
- Log in to post comments
- 6 views