হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
হোজাই জিলাৰ লংকাৰ নখুটিংৰ মৌজাদাৰ গাওত শুকুৰবাৰে এডাল অজগৰ সাপ উদ্ধাৰ কৰা হয়| স্থানীয় ৰাইজে কুঁহিয়াৰ খেতিৰ মাজত সাপ ডাল প্ৰত্যক্ষ কৰি নখুটী বন বিভাগৰ বিট অফিচৰ কাৰ্য্যলয়ত খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্হলীত উপস্হিত হৈ অজগৰ ডাল উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্য্যালয়লৈ লৈ আহে |
পিছত বন বিভাগৰ লোকে লামডিং বনাঞ্চলত অজগৰ ডালক এৰি দিয়ে | উদ্ধাৰ হোৱা অজগৰ ডাল দীঘলে প্ৰায় ৭ফূট আৰু ২৫ কেজি মান ওজনৰ হ'ব বুলি অনুমান কৰা হৈছে|
- Log in to post comments
- 27 views