বৰপেটাত এন আৰ চিৰ পৰা সন্তানৰ নাম কৰ্তন হোৱাৰ আশংকাত পিতৃৰ আত্মহত্যা

barpeta

বাক্সাৰ প্ৰতিবেদক :
বৰপেটা জিলাৰ  সৰুক্ষেত্ৰী বিধান সভা  সমষ্টিৰ অন্তৰ্গত বন্তিপুৰত এন আৰ চি'ৰ আতংকই প্ৰাণ ললে এজনৰ ৷ এন আৰ চিত পৰিয়ালৰ লোকৰ নাম অন্তৰ্ভূক্তিক লৈ শংকিত হৈয়ে এজন লোকে চীপ লৈ আত্মহত্যা কৰে ৷ মৃত লোকজনক মইজুদ্দিনৰ পুত্ৰ ৰহিম আলী (৩৭) বুলি জানিব পৰা গৈছে ৷ এন আৰ চি'ৰ অতিৰিক্ত খচৰাত অন্তৰ্ভূক্ত হৈছিল লোকজনৰ পাঁচটা সন্তানৰ নাম ৷ এন আৰ চি'ৰ খচৰাত লোকজনৰ লগতে তেওঁৰ পত্নীৰ নামো অন্তৰ্ভূক্ত হৈছিল যদিও খচৰাৰ পৰা বাদ পৰিছিল দুগৰাকী পুত্ৰ অাৰু তিনিগৰাকী কন্যাকে ধৰি পাঁচোটা সন্তানৰ নাম। সম্প্ৰতি নাম কৰ্তনক লৈ উদ্বিগ্ন হৈ আছিল লোকজন ৷ আজি কলগাছিয়াত শুনানী আছিল সন্তানকেইটাৰ ৷ শুনানীৰ বাবে যাৱতীয় নথি পত্ৰ সংগ্ৰহকে ধৰি বিভিন্ন লোকৰ পৰা পৰামৰ্শ লৈছিল লোকজনে ৷ বৃহস্পতিবাৰে নিশালৈকে এন আৰ চি'ৰ বিভিন্ন নথি সংগ্ৰহৰ কামত ব্যস্ত আছিল পৰিয়ালটো ৷

গুহাটীত দিন হাজিৰা কৰা মৃত ৰহিমে কালি ঘৰত অাহিয়ে  সন্তানকেইটাকলৈ চৰম উদ্বিগ্নতাৰে বৃহস্পতিবাৰে নিশা ভাত-পানী খাই বিছনালৈ যায় যদিও নিশা কোনোবা এক মুহূৰ্তত মানসিক ভাৰসাম্য হেৰুৱাই ঘৰৰ ভিতৰতে লোকজনে চীপ লৈ আত্মহত্যা কৰে ৷ এই ঘটনাই সমগ্ৰ সৰুক্ষেত্ৰী সমষ্টিৰ লগতে বৰপেটা জিলাতো গভীৰ শোকৰ ছাঁ পেলাইছে ৷ ইতিমধ্যে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিত দাসৰ  নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন অালী অাহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, ঘটণা সন্দৰ্ভত অামছুৰ কেন্দ্ৰীয় সমিতিৰ তথ্য প্ৰযুক্তি সম্পাদক মনিৰুজ জামান অাৰু অামছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা  হাছিনা অাহমেদে মৃত ৰহিমৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে কয় যে, চৰকাৰে এন অাৰ চি'ৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰাৰ বাবেই এনেকৈয়ে বহুলোকে অাত্মহননৰ পথ বাছি ল'বলগা হৈছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে  পৰিয়ালবৰ্গলৈয়ো গভীৰ সমবেদনা জ্ঞাপন কৰে।

Your Comments