নলবাৰীত বিজ্ঞান বিষয়ক কৰ্মশালা 

বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন :
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে প্ৰতিবছৰে ছাত্ৰ- ছাত্ৰী সকলৰ মাজত আয়োজন কৰা বিভিন্ন বিজ্ঞান প্ৰতিযোগিতা সম্পৰ্কে শিক্ষক সকলক প্ৰশিক্ষণ দিয়াৰ বাবে অহা  ৮ জুলাইত  নলবাৰী জিলাৰ শিক্ষা বিভাগে এখনি কৰ্মশালাৰ আয়োজন কৰিছে।  ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ইন্সপায়াৰ এৱাৰ্ড, মানাক আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত কি দৰে অংশগ্ৰহণ কৰিব পাৰি , আৰু দুয়োটা প্ৰতিযোগিতাৰ বিষয়বস্তু সম্পৰ্কে জিলাখনৰ সকলো উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু মণ্ডল সমল  কেন্দ্ৰ সমন্বয়ক সকলক এই কৰ্মশালাত প্ৰশিক্ষণ দিয়া হব। উল্লেখযোগ্য যে ইন্সপায়াৰ এৱাৰ্ডত যোগদান কৰি নিৰ্বাচিত হোৱা দেশখনৰ প্ৰথম পৰ্যায়ত  নিৰ্বাচিত এক লাখ ছাত্র ছাত্ৰীক দহ হাজাৰ কৈ জলপানি প্ৰদান কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত হলে প্ৰমাণপত্ৰ, বঁটা সহ জলপানি প্ৰদান কৰা হ'ব।

জিলাখনৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱ আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই জনোৱা মতে জিলাখনৰ প্ৰতিখন বিদ্যালয়ে যাতে এনেধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে  তাৰ বাবে আয়োজন কৰা এই কৰ্মশালাত অংশগ্ৰহণ কৰা বাবে সুকীয়াকৈ দুখনকৈ  পত্ৰযোগে নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি জনাইছে । নলবাৰী ছোৱালী হাইস্কুলত ৮ জুলাই সোমবাৰে দিনৰ এঘাৰ বজাৰ পৰা এই  কৰ্মশালা অনুষ্ঠিত হব। ইফালে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদে ভাৰত চৰকাৰৰ অৰ্থসাহায্যত প্ৰতিবছৰে  আয়োজন কৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নলবাৰী জিলা সমাৰোহখনি অহা ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে আয়োজিত হব। এই সমাৰোহৰ পৰা ৰাজ্যিক পৰ্যায়ত তিনিচুকীত হব লগা দহজনীয়া দলটো নিৰ্বাচিত কৰা হ'ব।

এই সমাৰোহত  জিলাখনৰ সকলো বিদ্যালয়ৰে  নিশ্চিত অংশগ্ৰহণ কৰাৰ বাবে প্ৰাৰম্ভিক পৰ্য্যায়ত প্ৰধান শিক্ষক আৰু  মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলক একেদিনাই আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰতিখন বিদ্যালয়ৰে একোজনকৈ বিজ্ঞান শিক্ষকক প্ৰশিক্ষণ দিয়া হ'ব। উল্লেখযোগ্য যে যোৱাবৰ্ষত  জিলাখনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৰোহত অংশগ্ৰহণ কৰা অসমৰ মুঠ ২৫ জনীয়া দলটোত নলবাৰীৰ দুগৰাকীকৈ শিশু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰি জিলাখনলৈ সুনাম কাঢ়িয়াই আনিছিল।

Your Comments