ৱাহিদুদ জামান, নগাঁও, ৫ জুলাই:
বিশুদ্ধ খোৱাপানী যোগান ধৰা বুলি দাবী কৰি অহা বিছলেৰী নামৰ মিনাৰেল ৱাটাৰ কোম্পানীটোৰ পানীৰ বটলত এইবাৰ ওলাল মৰা ফৰিং। নগাঁৱৰ বকুলতলৰ মোহন চন্দ্ৰ বৰা নামৰ ব্যৱসায়ী এগৰাকীয়ে বিক্ৰীৰ বাবে আনি থোৱা বিছলেৰী পানীৰ আধা লিটাৰৰ ছীলপেক যুক্ত এটা বটলত ওলাই এটা মৰা ফৰিং । উল্লেখ্য যে , নগাঁৱৰ বিৰহ-বেবেজীয়াতে অভিষেক ম'ৰ নামৰ এগৰাকী ব্যৱসায়ীৰ আছে বিছলেৰী খোৱা পানী প্ৰস্তুত কৰাৰ এটা উদ্যোগ। এই উদ্যোগতে খোৱা পানী প্ৰস্তুত কৰি নগাওঁকে ধৰি বিভিন্ন অঞ্চললৈ বিক্ৰীৰ বাবে যোগান ধৰা হয়। ইতিপূৰ্বেও নগাঁৱত বিছলেৰীৰ পানী বটলত ওলাইছিল শেলুৱৈ । কিন্তু ইয়াৰ পিছতো সৰ্বসাধাৰণক বিশুদ্ধ খোৱা পানীৰ নামত এনেদৰে বৰবিহ সেৱন কৰাই আছে বিছলেৰীয়ে । বিছলেৰিয়ে বিশুদ্ধ খোৱাপানী সেৱন কৰোৱাৰ নামত ব্যৱসায়ী গোষ্ঠীটোৱে গ্ৰাহকক অ-স্বাস্থ্যকৰ পানী যোগান ধৰা ঘটনা সন্দৰ্ভত তদন্ত কৰি ব্যৱস্থা ল'বলৈ জিলা প্ৰশাসনক ৰাইজে দাবী জনাইছে।
- Log in to post comments
- 28 views