আজিৰে পৰা হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ আৰু "সংস্কৃতি"ৰ যুটীয়া উদ‍্যোগত পষেকীয়া " নাটকৰে ধেমালি"

kaliyabar

প্ৰদীপ লস্কৰ,কলিয়াবৰ :

 আজিৰে পৰা হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ আৰু "সংস্কৃতি"ৰ যুটীয়া উদ‍্যোগত "নাটকৰে ধেমালি" শীৰ্ষক এক  পষেকীয়া নাট্য কৰ্মশালা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। গৰমৰ বন্ধৰ সময়ছোৱাত শিশুসকলৰ বৌদ্ধিক, শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ মানসেৰে বিগত বৰ্ষ সমূহৰ দৰেই এইবাৰো নাট কৰ্মশালাখনি আয়োজন কৰিছে। কলিয়াবৰৰ কেইবাগৰাকী বিশিষ্ট নাট‍্যকৰ্মীৰ উপস্থিতিত বন্তি প্ৰজ্জ্বলনৰে শিশু নাট কৰ্মশালা খনি আনুষ্ঠানিকভাবে মুকলি কৰে নাট‍্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাই। সভাত বিশিষ্ট অভিনেতা-পৰিচালক সমুদ্ৰ বৰদলৈ, লিখক-নাট‍্যকাৰ বিৰাজ ভূষণ বৰাকে ধৰি ন-পুৰণি নাট‍্যকৰ্মী উপস্থিত থাকে। অহা ২০ জুলাই তাৰিখে শিশুসকলৰ নাট প্ৰদৰ্শনেৰে "নাটকৰে ধেমালি"ৰ অন্ত পৰিব।

Your Comments