অলপতে স্বচ্ছ সৰ্বক্ষেণৰ স্বচ্ছতা অভিযানৰ অনুষ্ঠানত চাপৰত অংশগ্ৰহণ কৰে ৰাজ্যিক মন্ত্ৰী পীযূষ হাজৰিকাই ৷ এই উপলক্ষে আয়োজিত সভাত সভাত উপস্থিত থাকে স্থানীয় বিধায়ক অশোক সিংঘল আৰু গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় ৷
চাপৰ প্রগতি ভৱনত আয়োজিত সভাত মন্ত্ৰী পীযূষ হাজৰিকা আৰু দুয়োগৰাকী বিধায়ককে বিপুল সম্বর্ধনা জনোৱা হয় ৷ পুৱা ১১ বজাত অনুষ্ঠিত ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে চাপৰ ৰাজহ চক্রৰ চক্র বিষয়া নৱজিৎ পাঠকে ৷
ধুবুৰী জিলা উপায়ুক্ত আনন্দলাল জ্ঞানী আৰু বিলাসীপাৰা মহকুমাধিপতি ৰোহণ কুমাৰ ঝা প্রশাসনিক মুৰব্বী হিচীপে সভাত উপস্থিত থাকে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চাপৰ নগৰ সমিতিৰ সভাপতি আনছাৰ আলী ৷
সভাত মন্ত্রী হাজৰিকাই স্বচ্ছ ভাৰত অভিযানৰ অধীনত নগৰখনক স্বচ্ছ কৰি ৰাখিবলৈ চাপৰবাসী ৰাইজক আহ্বান জনায় ৷ লগতে চৰকাৰক সকলো আচঁনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে ৷
উক্ত সভাতে ৩৬৫গৰাকী হিতাধিকাৰীক প্রত্যেককে একোটাকৈ বাল্টি আৰু মগ বিতৰণ কৰে ৷
- Log in to post comments
- 3 views